উজনি-নামনি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি শলঠেকত বিধায়ক মৃণাল শইকীয়াঃ শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী দল-সংগঠনৰ

উজনি-নামনি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি শলঠেকত বিধায়ক মৃণাল শইকীয়াঃ শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী দল-সংগঠনৰ

ডিজিটেল সংবাদ, খুমটাইঃ খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিতৰ্কিত বক্তব্যই সম্প্ৰতি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিধায়কজনে উজনি অসম-নামনি অসম সন্দৰ্ভত আগবঢ়োৱা বিতৰ্কিত মন্তব্যই নামনি অসমৰ ধুবুৰী, কোকৰাঝাৰ তথা বঙাইগাঁও জিলাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

বিধায়কজনে উজনি অসমৰ মানুহে তেল, চাহপাতৰে নামনি অসমৰ মানুহক চলাই আছে বুলি মন্তব্য কৰিছিল। শাসকীয় দলৰ এজন বিধায়ক হৈ মৃণাল শইকীয়াই এনেধৰণৰ বিভাজনমূলক তথা সম্প্ৰীতি বিনষ্টকাৰী মন্তব্য দিয়াৰ বাবে নামনি অসমত বিধায়কজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা আক্ৰাছু।

বিধায়কজনে আগবঢ়োৱা এনেধৰণৰ মন্তব্যত ক্ষুব্ধ হৈ আক্ৰাছুৰ (অভিবক্ত গোৱালপাৰা) ধুবুৰী জিলা কমিটীৰ সভাপতি দিটেপ ৰায়ে শনিবাৰে বিলাসীপাৰা আৰক্ষী থানাত বিধায়কজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। ছাত্ৰ নেতাজনে কয় যে নামনি অসমখন চিলাৰায়-নৰনাৰায়ণৰ এখন ৰাজ্য। এইখন ৰাজ্যত বহু চহকী মানুহ আছে। আমি ইমান দুখীয়া নহয় যে মৃণাল শইকীয়াই উজনি অসমৰ চাহপাত দি কমতাপুৰ ৰাজ্যখন চলাব।

বিধায়কজনৰ এই মন্তব্যক ছাত্ৰনেতাজনে ধিক্কাৰ দিয়াৰ লগতে তেওঁক শীঘ্ৰে গ্ৰপ্তাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনায়। অন্যথা বিভিন্ন দল-সংগঠন লৈ আন্দোলন কৰাৰ হুংকাৰ দিয়ে ছাত্ৰ নেতাজনে। সকলো জাতি-জনগোষ্ঠীৰ হৈ কথা কোৱা বিজেপি মিত্ৰজোঁটৰ চৰকাখনত যদি এনেধৰণৰ ব্যক্তি থাকে তেন্তে বিজেপি দলটোৰ অধপতন হ’ব বুলি তেওঁ মন্তব্য কৰে। বিধায়ক এজনৰ এনেধৰণ মন্তব্যৰ বাবে অসমখন বিভাজিত হোৱা বা অসমত সাম্প্ৰদায়িকতাৰ বিষবাষ্প সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰে ছাত্ৰনেতাজনে।

আনহাতে, নামনি অসমৰ বঙাইগাঁৱৰ আন এগৰাকী নেতা মহীধৰ ৰায়ে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে মৃণাল শইকীয়াই এনে অযুক্তিকৰ কথা কোৱা উচিত নহয়। তেওঁ বিধায়কজনক তীব্ৰ সমালোচনা কৰি তেওঁৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

উল্লেখ্য যে, শেহতীয়াভাৱে বিভিন্ন মন্তব্যৰে বিতৰ্কত সোমাই পৰা বিজেপি দলৰ এইগৰাকী বিধায়ক মৃণাল শইকীয়াই বিভিন্ন নিউজ চেনেলত যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিজয়ক লৈ উজনি-নামনি সন্দৰ্ভত কেতবোৰ অশোভনীয় মন্তব্য আগবঢ়ায়। ইয়াৰ পিছতে বিভিন্ন দল-সংগঠনৰ ৰোষত পৰে খুমটাইৰ এইজন বহুবল্কী বিধায়ক মৃণাল শইকীয়া।

উজনি-নামনি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি শলঠেকত বিধায়ক মৃণাল শইকীয়াঃ শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী দল-সংগঠনৰ
এছিয়ান টাইকোৱাণ্ডো পুমছেত ৰূপৰ পদক বিজয়ী হৰ্ষা সিনহাক সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in