এছিয়ান টাইকোৱাণ্ডো পুমছেত ৰূপৰ পদক বিজয়ী হৰ্ষা সিনহাক সম্বৰ্ধনা...

এছিয়ান টাইকোৱাণ্ডো পুমছেত ৰূপৰ পদক বিজয়ী হৰ্ষা সিনহাক সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
এছিয়ান  টাইকোৱাণ্ডো পুমছেত ৰূপৰ পদক বিজয়ী হৰ্ষা সিনহাক সম্বৰ্ধনা...

ডিজিটেল সংবাদ, বেবেজীয়াঃ ভিয়েটনামত অনুষ্ঠিত অষ্টম এছিয়ান টাইকোৱাণ্ডো পুমছে চেম্পিয়ন ২০২৪ত ৰূপৰ পদক অৰ্জন কৰা অসমৰ হৰ্ষা সিনহাক শনিবাৰে নগাঁৱত সম্বৰ্ধনা জনোৱা হয়। টাইকোৱাণ্ডো ডজাং অসমৰ নগাঁৱস্থিত কাৰ্যালয়ত শনিবাৰৰ পৰা ১৬জুনলৈ আয়োজন কৰা পুমছে এণ্ড কিৰোগী শাখাৰ কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠানত সিনহাক টাইকোৱাণ্ডো ডজাং ,অসমে বিপুল সম্বৰ্ধনা জনায়।

Advertisment

অনুষ্ঠানত ক্ৰীড়া সংগঠক তপন দাস , সাংবাদিক কনক হাজৰিকা ,টাইকোৱাণ্ডো ডজাং অসমৰ সম্পাদক ৰাজীৱ বৰাৰ লগতে বিৰাজ দাস ,মনোজ কলিতা , এৰিণ নৱীশ , নয়ন ভূঞা , পৰশ দাস , হিৰণ্য গোহাঁই আদিয়ে অংশগ্ৰহণ কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি হৰ্ষা সিঙে কয় যে সম্প্ৰতি টাইকোৱাণ্ডো বিশ্বৰ অন্যতম জনপ্ৰিয় ক্ৰীড়ালৈ ৰূপান্তৰিত হৈছে।

Also Read: 'আমাক বিনামূলীয়া খাদ্য-সাজপাৰ নালাগে,পঢ়িবলৈ কিতাপ দিয়ক'- মুখ্যমন্ত্ৰীলৈ এখন বিদ্যালয়ৰ শিক্ষাৰ্থী অনুৰোধ

bebejiya