/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/2i3ucx3c/336.jpg)
ডিজিটেল সংবাদ, বিহালী : বিহালী উপ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ শনিবাৰে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে সাংসদ ৰকিবুল হুছেইনে। বাঘমাৰীৰ সংখ্যালঘু অধ্যুষিত এটা অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ ৰকিবুল হুছেইনে কয় যে বিজেপিয়ে চাহ জনজাতি সকলক অপমান কৰিছে।
হিমন্ত বিশ্ব শৰ্মা চাহ জনগোষ্ঠীৰ বিৰোধী। আহোম, মৰাণ, মটককে ধৰি সকলো জনগোষ্ঠীয়ে এতিয়া হিমন্ত বিশ্ব শৰ্মাক এৰি দিয়াত মিঞালৈ মনত পৰিছে হিমন্তৰ।
আনহাতে ৰকিবুল হুছেইনে বিহালীত যদি বিজেপিৰ কোনোবা চিপৰাং আছে তেনেহ'লে সেয়া ড° হিমন্ত বিশ্ব শৰ্মা বুলি বিষ্ফোৰক মন্তব্য কৰি কৰি কয় যে হিমন্তৰ পছন্দৰ প্ৰাৰ্থীক বিহালীত টিকত নিদিলে। যাৰ বাবে তেও প্ৰচাৰৰ বাবদ বিহালীলৈ যোৱা মঙ্গলবাৰে আহিছিল যদিও মুখখন কিবা দেওবাৰ দেওবাৰ লাগিছিল।
ইফালে সংখ্যালঘু লোকসকলক উদ্দেশ্য কৰি কয় যে এইবাৰৰ ভোট হৈছে ল'ৰা ছোৱালীৰ ভৱিষ্যত। সেইকাৰণে এবাৰ নহয়, দুবাৰ নহয় কেইবাবাৰো চিন্তা কৰি ভোট দিবলৈ অনুৰোধ জনোৱাৰ লগতে যিসকলে বিজেপিৰ পতাকা লৈ ঘূৰি আছে সেই সকলক ঘূৰি আহি কংগ্ৰেছত ভোট দিবলৈ আহ্বান জনায়।
আনহাতে বিজেপি জয়ী হ'লে সংখ্যালঘু অঞ্চলত বুলডজাৰ চলাৰ ভয় আছে বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে জয়ন্ত বৰাক বিহালীত জিকাই দিয়ক। এটা হিমন্ত নহয়, ৫০ টা হিমন্ত আহিলেও মোৰ গাৰ নোম লৰাব নোৱাৰে আৰু যিকোনো বিপদৰ সময়ত দৌৰি আহিম আৰু সকলোৰে ওচৰত থিয় হৈ থাকিম।
লগতে কয়- যেতিয়াই হিমন্তৰ হেলিকপ্তাৰৰ পইছা কমি যায় তেতিয়াই স্মাৰ্ট মিটাৰ ওলোতাই দিয়ে আৰু পইছা লৈ পিছত লাস -বিলাসৰ বাবে হেলিকপ্তাৰত বাদাম খাই কৰবালৈ গুচি যায়।
ইফালে তানজিলক হিমন্তই সমালোচনা কৰাৰ সন্দৰ্ভত ৰকিবুল হুছেইনে কয় যে মোক দিল্লীৰ পৰা কৈ আছে। মইহে একো কোৱা নাই। কিন্তু হিমন্তৰ সন্তানক এটা কথাই ক'ম যে তুমি দেউতাৰ নিচিনা বন্দুক তুলি নল'বা। তেওঁৰ দৰে লোকৰ ঘৰত পইছা মাৰি ধৰা পৰাৰ কামবোৰ নকৰিবা বুলি কটাক্ষ কৰে।
Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা মনালিছা হাজৰিকা