সাংসদ পুঁজিৰ কেলেংকাৰীঃ গ্ৰেপ্তাৰ দুই উচ্চ পদস্থ বিষয়া

ৰাণী নৰহৰ সাংসদ পুঁজিৰ কেলেংকাৰীৰ গোচৰত ২জনক গ্রেপ্তাৰ কৰিছে চি এম ভিজিলেন্সে

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ ৰাণী নৰহৰ সাংসদ পুঁজিৰ কেলেংকাৰীৰ গোচৰত ২জন বিষয়াক গ্রেপ্তাৰ কৰিছে চি এম ভিজিলেন্সে। গ্রেপ্তাৰ হোৱা বিষয়াদ্বয় ক্ৰমে যোৰহাটৰ তদানীন্তন এডিছি অঞ্জনাভ চলিহাক আৰু তদানীন্তন গৱেষণা বিষয়া জিতুমণি দত্ত।

Advertisment

৪/২০১৭ নম্বৰ গোচৰৰ বিপৰীতে দুয়োকে গ্রেপ্তাৰ কৰা হয়। অভিযোগ অনুসৰি সাংসদ পুঁজিৰ প্রায় কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল বিষায়দ্বয়ে। ২০১৫/১৬ চনতে সংঘটিত হৈছিল এই কেলেংকাৰী। যোৰহাটত বিভিন্ন উন্নয়নমূলক কাম-কাজত দুৰ্নীতি সংঘটিত কৰাৰ তথ্য লাভ কৰিছিল চি এম ভিজিলেন্সেয়ে।

তথ্য লাভৰ পিছত ২০১৭ চনত গোচৰ ৰুজু কৰিছিল দুয়োজনৰ বিৰুদ্ধে। শুকুৰবাৰে দুয়োজনকে গ্রেপ্তাৰ কৰি হাজিৰ কৰোৱা হয় আদালতত। উল্লেখ্য যে, আদালতে দুয়োজনকে ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে।

Also Read: সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক AJYCPৰ বিশেষ সম্বৰ্ধনা...

CM visilance