সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক AJYCPৰ বিশেষ সম্বৰ্ধনা...

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক AJYCPৰ বিশেষ সম্বৰ্ধনা...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত আয়োজন কৰা অনুষ্ঠানত অধ্যক্ষগৰাকীক এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সদস্যকলৈ গঠন কৰা বৰ্ধিত কাৰ্যনিৰ্বাহ সভাত অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীক সম্বৰ্ধনা জনাই সংগঠনটোৱে।

উল্লেখ্য যে, হেমকোষৰ ব্ৰেইলী সংস্কৰণে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱাৰ আঁৰত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে কৰা ত্যাগৰ স্বীকৃতি হিচাপে সংগঠনটোৱে এই সম্বৰ্ধনা জ্ঞাপন কৰে। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত এই অনুষ্ঠানত অধ্যক্ষগৰাকীক প্ৰশস্তি-পত্ৰ, জাপি, গামোচা আদিৰে সম্বৰ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানত ভাষণ প্ৰসংগত অধ্যক্ষগৰাকীয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক সোঁৱৰি ভাষা জীয়াই থাকিবলৈ হ'লে এখন ব্যাকৰণ, এখন অভিধান প্ৰয়োজনৰ উপলব্ধি কৰি ১৯০০ চনত হেমকোষ প্ৰকাশ কৰিছিল বুলি ব্যক্ত কৰে। এই হেমকোষ বৰ্তমান অসমীয়াৰ মেৰুদণ্ড স্বৰূপ বুলি উল্লেখ কৰি তেওঁ হেমকোষৰ ১৫তম সংস্কৰণৰ বাবে কাম চলি থকাৰ কথাও জানিবলৈ দিয়ে। তদুপৰি হেমকোষৰ ১৫তম সংস্কৰণত নতুন নতুন শব্দ সন্নিৱিষ্ট কৰি অসমবাসীলৈ আগবঢ়োৱা হ'ব বুলি অৱগত কৰে।

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক AJYCPৰ বিশেষ সম্বৰ্ধনা...
মুম্বাইত অনুষ্ঠিত বৈঠকত কি সিদ্ধান্ত ল'লে 'ইণ্ডিয়া'ই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in