বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু নগাওঁ কলেজৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ...

বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু নগাওঁ কলেজৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ...
বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু নগাওঁ কলেজৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ...

ডিজিটেল সংবাদ নগাঁও : গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আলোচনা কক্ষত অনুষ্ঠিত এক অনুষ্ঠানত বি বি চি আই আৰু নগাওঁ কলেজ (অট'নমাচ) ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। বি বি চি আইৰ সঞ্চালক ড০ অমল চন্দ্ৰ কটকী আৰু নগাওঁ কলেজ (অট'নমাচ) ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে গৱেষণাৰ উপ-সঞ্চালক অধ্যাপক মৌচুমী ভট্টাচাৰ্য্য শৈক্ষিক বিভাগৰ উপ-সঞ্চালক অধ্যাপক দেবব্ৰত বৰ্মন, অধ্যাপক অনুপম শৰ্মা, বি বি চি আইৰ অন্যান্য জ্যেষ্ঠ অধ্যাপক আৰু বিষয়া, নগাওঁ কলেজ শৈক্ষিক পৰিষদৰ সদস্য সচিব ড০ ফৰিষ্টা ইয়াছমিন, প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ললিত মোহন গোস্বামী আৰু নগাওঁ কলেজ (অট'নমাচ) ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াৰ উপস্থিতিত উক্ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

এই উপলক্ষে ভাষণ দি বি বি চি আইৰ সঞ্চালক ড০ অমল চন্দ্ৰ কটকীয়ে নগাওঁ কলেজ (অট'নমাচ) ৰ সৈতে মিলি সমাজৰ বাবে কাম কৰাৰ কথা প্ৰকাশ কৰে। দুয়োটা প্ৰতিষ্ঠানে নগাঁৱত সামাজিক-শৈক্ষিক দায়বদ্ধতা আৰু কৰ্কট ৰোগৰ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে একেলগে কাম কৰিবলৈ সহমতত উপনীত হয় আৰু অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰা গাঁও আৰু অন্যান্য স্থানত কৰ্কট ৰোগৰ ওপৰত গণ সজাগতা আৰু পৰীক্ষা অভিযান চলাব পাৰি বুলি মত পোষণ কৰে।

ইয়াৰ দ্বাৰা নগাঁও আৰু কাষৰীয়া জিলাসমূহত বৃদ্ধি পোৱা কৰ্কট ৰোগৰ সংখ্যা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ড্ৰাগছ সেৱনৰ প্ৰত্যাহ্বান হ্ৰাস কৰাত সহায়ক হ’ব। ডাঃ কটকীয়ে পেলিয়াটিভ কেয়াৰ, চাইকো অংক’লজীৰ ডিপ্লমা/চাৰ্টিফিকেট পাঠ্যক্ৰম খুলিব লাগে বুলি ব্যক্ত কৰে। যিয়ে সমাজখনক পোনপটীয়াকৈ উপকৃত কৰিব পাৰে।

ছাত্ৰ-ছাত্ৰীৰ মাজত ধঁপাত বন্ধ কৰাৰ কাৰ্যসূচীৰ লগতে কৰ্কট গৱেষণা আৰু ছাত্ৰ ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ পাৰস্পৰিকভাৱে চুক্তিবদ্ধ ক্ষেত্ৰসমূহতো গৱেষণা সম্পৰ্কীয় মানৱ সম্পদৰ বিকাশ বি বি চি আই আৰু নগাওঁ কলেজ (অট'নমাচ) ৰ দ্বাৰা যৌথভাৱে অনুষ্ঠিত হ’ব। বিগত ৫০ বছৰৰ পৰা অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা অগ্ৰণী সেৱাৰ বাবে নগাওঁ কলেজ (অট'নমাচ) ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সমগ্ৰ বি বি চি আই পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে।

তেওঁ বি বি চি আই আৰু নগাওঁ কলেজ (অট'নমাচ) ক যৌথভাৱে প্ৰয়োজনভিত্তিক পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ নিৰ্দেশনা অনুসৰি কাম কৰিব বুলি ঘোষণা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in