/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9e0b3cdd-2070-410b-bb8d-3603394fe666/bojali_16.jpg)
পহুমাৰা, কালদিয়াত অবৈধ পলস খননঃ নিৰ্বিকাৰ প্ৰশাসন, বন বিভাগ...
ডিজিটেল সংবাদ পাঠশালাঃ বজালীৰ পহুমাৰা নৈৰ বুকুত দিনে নিশাই অবৈধ ভাৱে পলস খনন কাৰ্য চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বিভাগীয় ভাবে চৰকাৰী কামৰ বাবে পলস খননৰ বাবে অনুমতি লাভ কৰাৰ পিছত নীতি-নিয়ম জলাঞ্জলি দি একাংশ লোকে নৈৰ বুকুত পলস খনন কৰি থকা ঘটনাই নৈ পৰীয়া লোকসকলক শংকিত কৰি তুলিছে।
বজালী জিলাৰ বিশেষকৈ কহৰা, নিজ ভৱানীপুৰ, বাংলিপাৰা আদি স্থানত পহুমাৰা নৈৰ বুকু খান্দি দিনে নিশাই পলসৰ ব্যৱসায় কৰাসকলৰ ক্ষেত্রত নীৰব ভূমিকা গ্ৰহণ কৰা সংশ্লিষ্ট কৰ্তৃপক্ষক সন্দেহৰ দৃষ্টিৰে চাইছে ৰাইজে। লক্ষনীয় ভাবে পহুমাৰা নৈৰ গৰা আৰু বুকুত দিনে নিশাই বন বিভাগৰ সকলো নীতি নিয়ম নস্যাৎ কৰি একাংশ পলসৰ ব্যৱসায়ীয়ে ট্ৰেক্টৰ, ডাম্পাৰৰে দীৰ্ঘদিন ধৰি পলসৰ ব্যৱসায়ী কৰি থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যই সচেতন মহলৰ চকু কপালত উঠাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/05054bd9-dbad-40ab-ae66-9b4002ca2584/c4361fc0_90e2_465d_9cac_4e48ecd8c12a.jpg)
ইপিনে চৰকাৰী কামৰ বাবে পলস খনন কৰাৰ অজুহাত দেখুৱাই নৈৰ তলি খান্দি পলসৰ ব্যৱসায় কৰাসকলৰ ক্ষেত্রত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হ'ব। উল্লেখ্য যে নিশা হ'লেই পলস কটা ডাম্পাৰসমূহৰ দৌৰাত্ম্যই যান-বাহন আইন সম্পূৰ্ণৰূপে জলাঞ্জলি দি অহাৰ ফলত প্ৰতিদিনে বজালীৰ ৰাজপথত দূৰ্ঘটনা সংঘটিত কৰি আহিছে।
ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলত ইতিপূর্বে একাধিক ব্যক্তিয়ে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে। আনহাতে নিশাৰ ভাগত চলা ডাম্পাৰে নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিত থকা পৰিয়ালৰ আবাস গৃহ ভাঙি পেলোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। দিনে নিশাই পলসৰ ব্যৱসায় কৰাৰ নামত ডাম্পাৰে চলোৱা দৌৰাত্ম্য বন্ধ কৰাৰ ক্ষেত্রত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1a283fcb-ff45-40fd-981c-6e15b1c44aab/7db1c0cd_4ae6_4e26_84c2_e4ede4829f87.jpg)
আনহাতে বিভিন্ন সময়ত অবৈধ ভাবে নৈৰ বুকুত পলস খান্দি ব্যৱসায় কৰা ব্যক্তি আৰু ডাম্পাৰসমূহৰ ক্ষেত্রত ভিন্ন স্তৰৰ লোকে বন বিভাগ আৰু প্ৰশাসনক অভিযোগ দি আহিছে যদিও কাৰ্যত বুকু ফিন্দাই অবৈধ ভাৱে পলসৰ ব্যৱসায় কৰি থকাসকলৰ ক্ষেত্রত আজিকোপতি নাকি লগাবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসন আৰু বৰপেটাৰোড আঞ্চলিক বন বিষয়াৰ কাৰ্যালয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/efe482f4-e412-48a4-b86d-f294c3fcebf7/5a900529_dc31_408f_9cd6_82c5cb533655.jpg)
ইপিনে চৰকাৰীভাৱে নিৰ্মাণ কাৰ্যৰ ক্ষেত্রত প্ৰয়োজন হোৱা পলস কাটিবলৈ জিলা প্ৰশাসনে কালদিয়া আৰু পহুমাৰা নৈৰ ৯ টা স্থনত অনুমতি প্ৰদান কৰি আহিছে যদিও ইয়াৰ চৰকাৰী ৰাজহ কিমান সংগ্রহ হৈছে সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। আনহাতে পাঠশালা খণ্ড বন কাৰ্যালয়ে ইতিমধ্যে কহৰা আৰু বাংলিপাৰা পহুমাৰা নৈত পলস খনন চলাই থকা সকলৰ বিৰুদ্ধে জাননী জাৰি কৰি তেওলোকৰ সকলো তথ্য বন বিভাগক দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e5812d1c-1f1b-4ca2-820c-4adf0a0af796/3bb9cdf3_fcd3_4ab6_9199_4081025501df.jpg)
ইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বিজন বায়নে বজালীৰ কালদিয়া আৰু পহুমাৰা নৈৰ বুকু খান্দি দিনে নিশাই অবৈধ ভাবে পলস কাটি থকা কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ বাবে বজালীৰ জিলা উপায়ুক্তৰ লগতে বৰপেটাৰোড আঞ্চলিক বন বিষয়াক দাবী জনাইছে অন্যথা গণতান্ত্রিক ভাবে আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰাৰ হুমকাৰ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b4025fdb-6a5b-42f8-8c7e-4756ed160ac0/5a900529_dc31_408f_9cd6_82c5cb533655.jpg)
ক্লিক কৰি পঢ়কঃ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ ডাঙৰীয়া পূজা সম্পন্ন...