বৰ্বৰ! দেৰগাঁৱত কুলংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

বৰ্বৰ! দেৰগাঁৱত কুলংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

author-image
Asomiya Pratidin
New Update
বৰ্বৰ! দেৰগাঁৱত কুলংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

ডিজিটেল সংবাদ,দেৰগাঁওঃ দেৰগাঁৱৰ বুঢ়ালিকচন গাঁৱত পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। দীপমনি বৰা নামৰ পাষাণ পুত্ৰৰ অত্যাচাৰৰ বলি হৈ সোমবাৰে মৃত্যু হয় মাতৃ ৰেনুমাই বৰাৰ।

Advertisment

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি নিজ পিতৃ-মাতৃক মাৰ-পিট কৰি আহিছিল দীপমনিয়ে। কালিও পিতৃৰ ভৰিত দাৰে আক্ৰমণ কৰা লগতে মাকৰ গালৈ ইটা দলিয়াই অভিযুক্ত পুত্ৰই। তাৰোপৰি পৰিয়ালৰ আন কেইবাজনো সদস্যক আক্ৰমণ কৰে।

পুত্ৰৰ অত্যাচাৰত আহত ৰোগীয়া মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰে মহিলাগৰাকীয়ে। উল্লেখ্য যে, মতিষ্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল মহিলাগৰাকী। বৰ্তমান ঘৰ এৰি পলায়ণ কৰিছে কুলাংগাৰ পুত্ৰ দীপমনি বৰাই। ইতিমধ্যে ঢেকীয়াল আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Also Read: কোকৰাঝাৰত মাতৃক নিৰ্মমভাৱে হত্যা ড্রাগছ আসক্ত পুত্রৰ...

dergaon murder