কোকৰাঝাৰত মাতৃক নিৰ্মমভাৱে হত্যা ড্রাগছ আসক্ত পুত্রৰ...

কোকৰাঝাৰত মাতৃক নিৰ্মমভাৱে হত্যা ড্রাগছ আসক্ত পুত্রৰ...

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।কোকৰাঝাৰ চহৰৰ হাথিমাথাত সোমবাৰে নিশা ড্ৰাগছ আসক্ত পুত্ৰৰ হাতত প্ৰাণ গ'ল নিজ মাতৃৰ। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, ড্ৰাগছ ল'বলৈ টকা নিদিয়াত বৃদ্ধা মাতৃক আক্ৰমণ কৰিছিল অভিযুক্ত পুত্ৰ পদ্যমণি ব্ৰহ্মই।

পুত্ৰ পদ্যমণি ব্ৰহ্মৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয় বৃদ্ধা মাতৃ পাৰ্বতী ব্রহ্মই (৭৫)।ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে পদ্য়মণি ব্ৰহ্মক। পৰিয়ালৰ লোকৰ পৰা জানিব পোৱা মতে, পদ্যমণি ব্ৰহ্মই প্ৰায়ে ঘৰত অত্যাচাৰ চলাইছিল।ড্ৰাগছ ল'বলৈ টকা নাপালে বৃদ্ধা মাতৃক মাৰপিট কৰিছিল।

সোমবাৰে নিশাও ড্ৰাগছ আসক্ত পুত্ৰই টি-টেবুলেৰে মাকক আক্ৰমণ কৰিছিল। ফলত মাকে মূৰত আঘাত পায়। পুত্ৰৰ আক্ৰমণৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লয় বৃদ্ধা মাতৃয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে নিচামুক্তি কেন্দ্ৰতো আছিল ড্ৰাগছ আসক্ত পদ্যমণি ব্ৰহ্ম।

আনহাতে, উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়। ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবী কৰে ৰাইজে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কোকৰাঝাৰত দেওবাৰেও মদৰ নিচাত বন্ধুৱে বন্ধুক হত্যা কৰিছিল।

অষ্টাদশ লোকসভাৰ অধ্যক্ষ-উপাধ্যক্ষ পদক লৈ শাসক-বিৰোধীৰ ৰণকৌশল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in