Most Expensive Rice: ১কেজি চাউলৰ দাম এটা স্মাৰ্ট ফোনৰ সমান...

Most Expensive Rice: ১কেজি চাউলৰ দাম এটা স্মাৰ্ট ফোনৰ সমান...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ দামী চাউল বুলি অভিহিত কৰা হয় এই চাউল বিধক। অতিকৈ কম উৎপাদন হোৱা এই চাউলবিধৰ ১কেজিৰ দাম ১৫হাজাৰ টকা। জাপানত উৎপাদন হোৱা এই চাউল বিধৰ নাম হৈছে কিন্মেমই।

প্ৰাপ্ত তথ্য অনুসৰি, এই চাউল বিধ সিজোৱাৰ আগত ধোৱাৰ কোনো প্ৰয়োজন নাথাকে। উল্লেখ কৰা প্ৰয়োজন যে, এই চাউলবিধ জাপানৰ মাত্ৰ এটা প্ৰতিষ্ঠানেহে উৎপাদন কৰে। টঅ' ৰাইছ কপাৰেশ্যন নামৰ প্ৰতিষ্ঠানটোৱে উৎপাদন কৰে এই দামী চাউলবিধ। ১৯৬১চনৰে পৰা এই প্ৰতিষ্ঠানটোৱে উৎপাদন কৰি আহিছে এই চাউল বিধ।

বিশ্বৰ ভিন্ন প্ৰান্তত এই চাউলবিধৰ যথেষ্ট চাহিদা আছে। পৰম্পৰাগত পদ্ধতিৰে, কোনো কীটনাশক, কেমিকেল ব্যৱহাৰ নকৰাকৈ এই চাউলবিধ উৎপাদন কৰা হয়। সিজোৱাৰ আগত এই চাউলবিধ ধুই দিলে ইয়াৰ পুষ্টি হ্ৰাস পায় বুলি ধৰা হয়।

অন্য চাউলতকৈ এই চাউলবিধ যথেষ্ট পাতল আৰু সোনকালে সিজে। সচৰাচৰ চাউলতকৈ ১.৮শতাংশ অধিক ফাইবাৰ থাকে এই চাউলবিধত। লগতে থাকে অন্য চাউলতকৈ প্ৰায় ৭গুণ অধিক ভিটামিন বি-১। এই চাউলবিধৰ সেৱনে পাচন তন্ত্ৰও শক্তিশালী কৰে বুলি জনা যায়। ইমানবোৰ গুণৰ অধিকাৰী হোৱাৰ বাবেই এই চাউলবিধৰ দাম প্ৰতিকেজিত ১৫হাজাৰ।

Most Expensive Rice: ১কেজি চাউলৰ দাম এটা স্মাৰ্ট ফোনৰ সমান...
তিতাবৰত লাভ জেহাদৰ বলি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in