তিতাবৰত লাভ জেহাদৰ বলি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতী...

তিতাবৰত লাভ জেহাদৰ বলি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতী...

author-image
Asomiya Pratidin
New Update
তিতাবৰত লাভ জেহাদৰ বলি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতী...

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰত লাভ জেহাদৰ বলি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতী । তিতাবৰত জলজীৱনৰ মিস্ত্ৰী কাম কৰিবলৈ আহি ভুৱা হিন্দু পৰিচয়েৰে সম্পৰ্ক স্থাপন কৰা যুৱকজনৰ নাম কৰণ আলি।

Advertisment

কৰণ আলিৰ ঘৰ দক্ষিণ শালমৰা জিলাৰ ফকিৰগঞ্জত। যুৱকজনৰ সকলো কথা গম পোৱাৰ পাছত যুৱতী গৰাকীক ধৰ্মান্তৰিত কৰিবলৈও হেচাঁ প্ৰদান লম্পট যুৱকজনৰ। অন্যথা পৰিয়ালৰ লোকক শেষ কৰি দিয়াৰ ভাবুকি দি আহিছিল।

উপান্তৰত যুৱতী গৰাকীয়ে তিতাবৰ আৰক্ষী থানাত যুৱক গৰাকী বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ। যুৱকজনৰ বিৰুদ্ধে তিতাবৰ আৰক্ষী থানাত ৭৬/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ২৯৯/ ৩০৮(৪)/৩১৮ (২) / ৩১৮ (৪)/ ৩১৯( ২) / ৩৫১(৩) / ৫৫/৫৭ নম্বৰত গোচৰ পঞ্জীয়ন কৰি দক্ষিণ শালমৰাৰ আৰক্ষীৰ সহযোগত নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে।

তিতাবৰ