ঐতিহাসিক বিজয়ৰ পাছত খেলুৱৈ পুত্ৰৰ সৈতে নৃত্যত মগ্ন হ'ল মাতৃ...

বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটি আফ্ৰিকান দল ৰূপে মৰক্কো পৰিগণিত হোৱাৰ পাছতেই খেল পথাৰতেই পুত্ৰ তথা মৰক্কোৰ ডিফেণ্ডাৰ আচৰাফ হাকিমিৰ মাতৃ মগ্ন হ'ল নৃত্যত ।

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক বিজয়ৰ পাছত খেলুৱৈ পুত্ৰৰ সৈতে নৃত্যত মগ্ন হ'ল মাতৃ...

ডিজিটেল ডেস্ক : বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটি আফ্ৰিকান দল ৰূপে মৰক্কো পৰিগণিত হোৱাৰ পাছতেই খেল পথাৰতেই পুত্ৰ তথা মৰক্কোৰ ডিফেণ্ডাৰ আচৰাফ হাকিমিৰ মাতৃ মগ্ন হ'ল নৃত্যত । ইয়াৰ সৈতেই কেৱল খেলত জয়লাভ কৰাৰ বাবেই নহয় বৰং বিজয় উদযাপনৰ ক্ষেত্ৰতো জনপ্ৰিয় হৈ পৰিল মৰক্কো এনিশাৰ ভিতৰতেই ।

Advertisment

উল্লেখ্য যে, ৰাউণ্ড ১৬ৰ খেলত স্পেইনৰ বিৰুদ্ধে বিজয়ী পেনাল্টী গ'ল দি মাতৃৰ সৈতে বিজয়  উদযাপন কৰিছিল হাকিমিয়ে । আৰু তাৰেই অনুৰূপ উদযাপন দেখা গ'ল কোৱাৰ্টাৰ ফাইনেলত পৰ্টুগালক পৰাস্ত কৰাৰ পাছতো । বিশ্ব কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটি আফ্ৰিকান দলৰূপে পৰিগণিত হোৱাৰ পাছতেই খেল পথাৰতেই মাতৃৰ সৈতে আনন্দত আত্মহাৰা হৈ নৃত্যত মগ্ন হ'ল খেলুৱৈ গৰাকী ।

অৱশ্যে কেৱল হাকিমিয়েই নহয় বৰং দলটিৰ মুখ্য প্ৰশিক্ষক ৱালিড ৰেগ্ৰাগুইয়ে কোৱাৰ্টাৰ ফাইনেলত বিজয় লাভ কৰি ষ্টেণ্ডত থকা মাতৃৰ সৈতে বিজয় উদযাপন কৰিবলৈ যোৱা ভিডিঅ'ও চৰ্চিত হৈছিল সামাজিক মাধ্যমত ।    

আৰু পঢ়ক : বিশ্বকাপৰ পৰা দু:সহ বিদায় ৰোনাল্ডোৰ...

qatar world cup morocco