বিশ্বকাপৰ পৰা দু:সহ বিদায় ৰোনাল্ডোৰ...

বিশ্বকাপৰ পৰা দু:সহ বিদায় ৰোনাল্ডোৰ...

ডিজিটেল ডেস্ক : ২০১০ৰ বিশ্বকাপৰ দৰে কাটাৰ বিশ্বকাপত নাই অনুৰাগীৰ উদ্দ্যাম নৃত্য, নাই ভুভুজেলাৰ শব্দ, সৰ্বত্ৰ চৰ্চিত নহ'ল বিশ্বকাপৰ গান । কিন্তু এই বিশ্বকাপৰ সৈতে জড়িত হৈ আছে বিশ্ববাসীৰ আৱেগ, অশ্ৰু আৰু স্বস্তিৰ নিশ্বাস । কিয়নো এই বিশ্বকাপেই শেষ বিশ্বকাপ বৰ্তমানৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ সকলৰ । এনে খেলুৱৈৰ তালিকা যথেষ্ট দীঘল যদিও শেহতীয়াকৈ ইয়াত সন্নিৱিষ্ট হ'ল পৰ্টুগালৰ তাৰকা খেলুৱৈ ৰোনাল্ডোৰ নাম ।

শেষ নিশা মৰক্কোৰ হাতত পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লোৱা পৰ্টুগালৰ খেলুৱৈ ৰোনাল্ডোৰ অশ্ৰুসিক্ত নয়নৰ দৃশ্যই চকুপানীৰ বন্যা বোৱালে অনুৰাগী সকলৰ মাজত । কিয়নো ৩৭ বছৰীয়া ৰোনাল্ডোৰ এইয়া শেষ বিশ্বকাপ ।

কেৱল ৰোনাল্ডোই নহয় বৰং ব্ৰাজিলৰ খেলুৱৈ নেইমাৰ আৰু ডানি আলভেজ, উৰুগুৱেৰ ছুৱাৰেজ, পোলেণ্ডৰ লিৱান'দস্কী, জাৰ্মানীৰ মেনুৱেল নেইৱাৰ, থমাছ মুলাৰ তথা সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ অন্যতম বুলি গণ্য কৰা আৰ্জেন্টিনাৰ মেছিৰো এইখন শেষ বিশ্বকাপ ।

উল্লেখ্য যে, মেছিৰ বাহিৰে আন সকলো কেইজন খেলুৱৈয়ে ইতিমধ্যে পৰাস্ত হৈ বিদায় মাগিলে বিশ্বকাপৰ পৰা । কেৱল আৰ্জেন্টিনা উপস্থিত হৈছে ছেমি-ফাইনেললৈ । তেনেস্থলত এতিয়া সকলোৰে দৃষ্টি নিমগ্ন মেছিৰ ওপৰত । ফুটবলৰ প্ৰায় সকলো অভিলেখ স্পৰ্শ কৰা মেছিৰ শিৰত নাই কেৱল বিশ্বকাপৰ খিতাপ । এতিয়া প্ৰশ্ন হয়, মুকুট বিহীন সম্ৰাট হৈয়ে অন্তিমখন বিশ্বকাপৰ পৰা বিদায় ল'ব নেকি মেছিয়ে ।

বিশ্বকাপ শেষ হ'বলৈ মাজত মাথো ৯টা দিন । তাৰ পাছতেই হয়টো ৰাষ্ট্ৰীয় দলৰ পোছাকত দেখা পোৱা নাযাব বহু খেলুৱৈক কাহানিও । অনুৰাগী সকলেও খেলৰ উত্তেজনাৰ মাজত সকলো পাহৰি চিঞৰি নুঠিব মেছি, ৰোনাল্ডো অথবা নেইমাৰৰ নাম ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in