মৰিগাঁৱত চিলনী চোৰৰ উপদ্ৰৱঃ মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন...

মৰিগাঁৱত চিলনী চোৰৰ উপদ্ৰৱঃ মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন...

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত চিলনী চোৰৰ উপদ্ৰৱঃ মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন...

ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁও নগৰত ৰাইজৰ নিৰাপত্তাৰ বাবে TSI ৰ অধীনত ১২ জন আৰক্ষীৰ দ্বাৰা এটা ৰাইদাৰ পাৰ্টি গঠন কৰি ৰখাৰ মাজতে জিলাখনত সন্ত্ৰাস চলাইছে চিলনী চোৰে।

Advertisment

ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজতেই সন্ধিয়া প্ৰায় ৭ বজাত মৰিগাঁও ফুলবাৰীৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়ে চিলনি চোৰে।

ভুক্তভোগী মহিলাগৰাকী দীপ্তি ডেকা বুলি জানিব পৰা গৈছে। ৰাইজৰ অভিযোগ অনুসৰি প্ৰত্যেক ২-৩ দিনৰ মূৰে মূৰে মৰিগাঁৱত চুৰিকাণ্ড সংঘটিত হৈ আহিছে। কিন্তু এই ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে।

Also Read: সুভাময় ভট্টাচাৰ্য লৈ উৎকৃষ্ট সাংবাদিকতাৰ ৰাষ্ট্ৰীয় বঁটা, এআৰএমটিৰ সম্বৰ্ধনা...

morigaon snitching news