/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/35afe5d2-8500-4843-af58-68f482960617/juwari.jpg)
জুৱা খেলি সময় পাৰ কৰিছে আৰক্ষী বিষয়া-জোৱানে
ডিজিটেল সংবাদ,মৰিগাওঁঃ যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষী-প্ৰশাসনক নীতি-নিয়ম আদিৰ জ্ঞান দিয়ে,তেনে সময়তে একাংশ আৰক্ষী বিষয়া-জোৱানে বিপৰীতমুখী চৰিত্ৰ দাঙি ধৰিছে। যেন মুখ্যমন্ত্ৰীৰ কথাৰ প্ৰতি কাণসাৰ নাই একাংশ আৰক্ষী বিষয়া-জোৱানৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d0728e92-a715-4e84-a993-4105af39de8b/juwari1.jpg)
মৰিগাঁৱ জিলাৰ জালুগুটী আৰক্ষী পহৰা চকীৰ একাংশ আৰক্ষী-জোৱানে কাৰ্যালয় এৰি বেৰেকত ব্যস্ত হয় জুৱা খেলত। জানিব পৰা মতে সোমবাৰে দুপৰীয়া আৰক্ষী বিষয়া শৰৎ নাথে একাংশ চিপাহীক লৈ বেৰেকত জুৱা খেলে।
উল্লেখ্য যে জুৱাৰীৰ বিৰুদ্ধে সঘনাই অভিযান চলাই থকা মৰিগাঁও আৰক্ষীয়ে জুৱাৰী আৰক্ষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব।
আৰু পঢ়কঃ গুৱাহাটীত চাঞ্চল্য! চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ