১০ মাহত ৰাছিয়াৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ৬ হেজাৰতকৈও অধিক লোকে...

১০ মাহত ৰাছিয়াৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ৬ হেজাৰতকৈও অধিক লোকে...

ডিজিটেল ডেস্ক : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথা, বিখ্যাত জাৰ্মান-আমেৰিকান লেখক এৰিখ মাৰিয়া ৰিমাৰ্কে লিখি উলিয়াইছিল যুদ্ধৰ ভয়াৱহতা বৰ্ণনা কৰি "শান্ত হ'ল পশ্চিম সীমান্ত" । যি গ্ৰন্থত লিখা আছিল যুদ্ধই শেষ কৰি পেলোৱা এটা প্ৰজন্মৰ হা-হুমুনিয়াহ । জাৰ্মানীৰ স্কুলীয়া শিক্ষাৰ্থীৰ এটি দলে মাতৃভূমিৰ সুৰক্ষাৰ অৰ্থে আগুৱাই আহিছিল হাতত বন্দুক লৈ । কিন্তু যুদ্ধক্ষেত্ৰৰ পৰা উভতি আহিছিল মাত্ৰ এমুঠিমান হে । বোমা বাৰুদৰ মাজত চিৰদিনলৈ হেৰাই গৈছিল কিশোৰ কেইটা ।

সেই গ্ৰন্থখনতেই ৰিমাৰ্কে চৰিত্ৰ কেইটাৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক সুধিছিল যুদ্ধৰ প্ৰয়োজনীয়তাৰ বিষয়ে । যদি জাৰ্মান সকলৰ বাবে তেওঁলোক শুদ্ধ আৰু যদি ফৰাছী সকলৰ বাবে তেওঁলোক শুদ্ধ তেন্তে ভুল কোন ? কাৰ নিৰ্দেশত সমগ্ৰ বিশ্বক নিমিষতে চাৰখাৰ কৰি পেলোৱা হ'ল ?

সেই একেই ঘটনা দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰায় অৰ্ধ শতিকাৰো অধিক সময় পাছত প্ৰত্যক্ষ হ'ল ইউক্ৰেইনত । ৰাছিয়াৰ আগ্ৰাসী নীতিৰ বিৰুদ্ধে থিয় দি বহু কিবা কিবি হেৰুৱাব লগীয়া হ'ল দেশখনে । ৰাছিয়াৰ আক্ৰমণে ধ্বংসস্তূপত পৰিণত কৰালে দেশখনক বিগত ১০ টা মাহত । ৰাছিয়ান সেনাৰ আক্ৰমণত প্ৰাণ হেৰুৱালে প্ৰায় ৮ হাজাৰৰো অধিক লোকে যদিওবা চৰকাৰী পৰিসংখ্যা অনুসৰি ৬৮৮৪ জনেহে মৃত্যুবৰণ কৰিছে । কিন্তু চৰকাৰী পৰিসংখ্যাটোও আওকাণ কৰিব পৰা বিধৰ নহয় । যিদৰে কোৱা হয় যে, এজন লোকৰ মৃত্যু এটি দুখৰ বিষয় আৰু হেজাৰ জনৰ মৃত্যু এক পৰিসংখ্যা । এতিয়া কেৱল পৰিসংখ্যাতেই আৱদ্ধ হৈ ৰ'ব নেকি এই সকল লোকৰ মৃত্যু ?

ইউক্ৰেইন এতিয়া ধ্বংসস্তূপ... হাড় কপোৱা জাৰে শেষ কৰি আহিছে শক্তি সংকটত ভূগি থকা ইউক্ৰেইনক । ৰাছিয়াৰ বোমা আৰু মিছাইল আক্ৰমণে নি:শেষ কৰি পেলালে ইউক্ৰেইনৰ শিক্ষানুষ্ঠান সমূহক । বিদেশী শিক্ষাৰ্থীসকল নিজ নিজ দেশলৈ উভতি আহিব লগীয়া হ'ল ৰোমানিয়া, বেলাৰুছ আৰু পোলেণ্ডৰ মাজেৰে । প্ৰচণ্ড শীতত ভোকে পিয়াহে কেইবা কিলোমিটাৰ খোজ কাঢ়ি উপস্থিত হৈছিল চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সীমান্তত ।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ১০ মাহ অতিক্ৰম কৰাৰ পিছত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে প্ৰকাশ কৰিলে এক প্ৰতিবেদন । এই প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ আগ্ৰাসনত মৃত্যু হ'ল ৬৮৮৪ জন লোকৰ, যাৰ ভিতৰত আছে ৪২৯ টা শিশু ।

কিন্তু কেৱল ইয়াতেই ক্ষান্ত নহ'ল মানৱ অধিকাৰ আয়োগ । তেওঁলোকেই জনালে যে, প্ৰকৃত পৰিসংখ্যা ইয়াতকৈ বহু বেছি ।

এতিয়া প্ৰশ্ন হয়, আৰু কিমান লোকৰ মৃত্যু হ'লে পূৰণ হ'ব পুটিনৰ লোভ ?    

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in