/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/530c11f9-ec92-43dc-96b7-e3775ab0b99a/bebejia_04.jpg)
বিশিষ্ট সমাজকৰ্মী, সৰবৰহী মোহিনী শৰ্মাৰ মৃত্যুত শোক...
ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিৰ ১ নং নামঘৰৰ সমীপৰ বিশিষ্ট সমাজকৰ্মী তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মোহিনী শৰ্মা (৮৪)ৰ আজি সন্ধিয়া ৭:৩০ বজাত নিজা বাসভৱনত পৰলোক প্ৰাপ্তি হয়। উল্লেখ্য যে, বিগত কিছুদিন ধৰি তেওঁ মধুমেহ আৰু কফ জনিত ৰোগত আক্ৰান্ত হৈ আছিল।
যোৱা ৩০ ডিচেম্বৰত তেওঁক নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ অৱস্থা ভাল নোহোৱাত মঙ্গলবাৰে তেওঁক ঘৰলৈ লৈ অহা হয়। আৰু চিকিৎসাধীন অৱস্থাতে আজি তেওঁৰ নিজা বাসভৱনত মৃত্যু হয়।
বেবেজীয়া আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা সমিতি আৰু বেবেজীয়া ব্ৰাহ্ম সমাজকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকা প্ৰয়াত শৰ্মাই মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ আৰু এগৰাকী বিবাহিত জীয়ৰীকে ধৰি বহুতো আত্মীয়ক এৰি থৈ যায়।
ক্লিক কৰি পঢ়কঃ চিকিৎসা নহয়, যুদ্ধ চলিছে জে এছ বি চিকিৎসালয়ত ! কি কৰিব, কলৈ যাব ৰোগী?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us