চিকিৎসা নহয়, যুদ্ধ চলিছে জে এছ বি চিকিৎসালয়ত ! কি কৰিব, কলৈ যাব ৰোগী?

চিকিৎসা নহয়, যুদ্ধ চলিছে জে এছ বি চিকিৎসালয়ত ! কি কৰিব, কলৈ যাব ৰোগী?
চিকিৎসা নহয়, যুদ্ধ চলিছে জে এছ বি চিকিৎসালয়ত ! কি কৰিব, কলৈ যাব ৰোগী?

ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত অস্বাভাৱিক হাৰত নৱজাতকৰ মৃত্যু, চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ বিৰুদ্ধে প্ৰসূতিৰ আত্মীয়ৰ পৰা ধনদাবী কৰা অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা চিকিৎসালয়খনত এক অৰাজকতাৰ পৰিৱেশে বিৰাজ কৰিছে । চিকিৎসালয়খনৰ পৰিচালনাৰ দায়িত্বত থকা অধীক্ষক ডাঃ পি কে দাসৰ চৰম উদাসীনতাৰ ফলত চিকিৎসালয়খনত আজি এক চৰম লজ্জাজনক ঘটনা সংঘটিত হৈছে ।

আজি জে এছ বি অসামৰিক চিকিৎসালয়ৰ প্ৰসৱ কোঠালীত কাজলগাঁৱৰ মঙ্গলাগাঁও এলেকাৰ এগৰাকী গৰ্ভৱতী মহিলাক আশাকৰ্মীসকলে সন্তান ভূমিষ্ঠ কৰাৰ ভিডিঅ' ভাইৰাল হৈ পৰিছে । ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰা হৈছে যে, চিকিৎসালয়খনত প্ৰসৱ কোঠালীত নাৰ্ছ নথকাৰ কাৰণে বাধ্য হৈ আশাকৰ্মীয়ে নাৰ্ছৰ কাম কৰিব লগাত পৰিছে ।

কিন্তু প্ৰসৱ কোঠালীৰ ভিতৰত কোনে কি উদ্দেশ্যৰে এই ভিডিঅ' ৰেকৰ্ড কৰিলে আৰু সামাজিক মাধ্যমত ভাইৰাল কৰিলে এয়া এতিয়াও পোহৰলৈ অহা নাই। ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰাল হোৱাৰ পিছতে চিকিৎসালয় চৌহদত এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হয়।

সমগ্ৰ বিষয়টোক লৈ জে এছ বি অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষ আৰু আশাকৰ্মীসকলৰ মাজত বোকা ছটিওৱাৰ খেল আৰম্ভ হৈছে। লক্ষ্যণীয় বিষয় যে, চৰকাৰী চিকিৎসালয়খনত নৱজাতকৰ অস্বাভাৱিক মৃত্যু আৰু ধনদাবীৰ বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহাৰ পিছত বি টি চিৰ স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংছুই অতিকৈস্পৰ্শকাতৰ বিষয় এটাত অনুসন্ধান অবিহনেই একপক্ষীয় ভাৱে মন্তব্য কৰি পৰিস্থিতি জটিল কৰি তুলিছিল।

স্বাস্থ্য সঞ্চালকগৰাকীয়ে কৰা মন্তব্যৰ পিছৰে পৰি জে এছ বি চিকিৎসালয়ৰ পৰিৱেশ উত্তপ্ত হৈ আছে। এনে পৰিস্থিতিত চিকিৎসালয়খনত এতিয়া প্ৰসূতিসকলৰ জীৱন মৃত্যুক লৈ চৰম হেতালি খেলাৰ অভিযোগ উত্থাপন কৰিছে প্ৰসূতিৰ অভিভাৱকে।

আনকি বিগত দুই, তিনিদিন ধৰি চিকিৎসালয়খনলৈ অহা অধিকাংশ গৰ্ভৱতী মহিলাক বিভিন্ন অজুহাত দেখুৱাই জে এছ বি চিকিৎসালয় কৰ্তৃপক্ষই অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ৰ নৱজাতকৰ মৃত্যু আৰু ধনদাবীৰ অভিযোগক কেন্দ্ৰ কৰি চিকিৎসালয়খনৰ নাৰ্ছ,স্বাস্থ্যকৰ্মী আৰু আশাকৰ্মীসকলৰ মাজত চলি থকা অঘোষিত শীতল যুদ্ধৰ পাৰ্শ্বক্ৰিয়াৰ ফল ভূগিছে এতিয়া সৰ্বসাধাৰণ ৰাইজে। চিকিৎসালয়খনত সম্প্ৰতি চলি থকা অনাকাংক্ষিত পৰিৱেশ দূৰ কৰি এই অঞ্চলৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কাজলগাঁও জেএছবি অসামৰিক চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি তথা চিদলী বিধানসভাৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় সচেতন মহলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in