/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/05722635-89fd-4d20-ad99-db38e0d45bdb/pele.jpg)
ডিজিটেল ডেস্ক: বিশ্বফুটবলৰ মহাতাৰকা পেলেৰ দেহাৱসান। ৩০ ডিচেম্বৰ ২০২২ত মৃত্যু হয় ব্ৰাজিলিয়ান ফুটবলাৰ এডচন আৰাণ্টেছ ডো নাচিমেণ্টো ওৰফে পেলে। মৃত্যুৰ সময়ত পেলেৰ বয়স ৮২ বছৰ আছিল।
তেওঁৰ কন্যাই ছচিয়েল মিডিয়াৰ জৰিয়তে এই খবৰ দিয়ে। পেলে ৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল আৰু শেহতীয়াকৈ চিকিৎসালয়ত আছিল।
পেলে ৩ বাৰকৈ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল। প্ৰায় ১৫ বছৰ বয়সতে ফুটবলক কেৰিয়ালৰ হিচাপে লোৱা পেলে ১৬ বছৰ বয়সত ব্ৰাজিলৰ ৰাষ্ট্ৰীয় ফুটবলৰ দলত যোগদান কৰিছিল। মহান তাৰকা গৰাকীৰ মৃত্যুত সমগ্ৰ বিশ্বত শোকৰ ছা পৰিছে।
আৰু পঢ়ক: কোকৰাঝাৰত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, এজনৰ মৃত্যু...