অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী মোডীয় উদ্বোধন কৰিব ডোনী পলো বিমান বন্দৰৰ

১৯ নৱেম্বৰত (শনিবাৰে) অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে ইটানগৰৰ ডনি পোলো বিমানবন্দৰ উদ্বোধন কৰিব।
অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী মোডীয় উদ্বোধন কৰিব ডোনী পলো বিমান বন্দৰৰ

ডিজিটেল ডেস্ক: ১৯ নৱেম্বৰত (শনিবাৰে) অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে ইটানগৰৰ ডনি পোলো বিমানবন্দৰ উদ্বোধন কৰিব। এইটো প্ৰথম গ্ৰীণফিল্ড বিমানবন্দৰ, যাৰ আধাৰশিলা ২০১৯ চনত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিছিল।

এই বিমান বন্দৰটো ৬৯০ একৰতকৈও অধিক এলেকাত নিৰ্মাণ কৰা হৈছে। এই বিমান বন্দৰ নিৰ্মাণত ৬৪০ কোটি টকা ব্যয় কৰা হৈছে।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ কেন্দ্ৰও উদ্বোধন কৰিব। মুঠ ৮৪৫০ কোটি টকাৰ অধিক ব্যয়ত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত ৮০ কিলোমিটাৰতকৈ এলেকাত নিৰ্মাণ কৰা হৈছে।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশত বৰ্তমান দুটা বিমানবন্দৰ আছে। এটা পাছিঘাটত আৰু আনটো তেজুত। এই দুটা বিমানবন্দৰ ইটানগৰৰ পৰা বহু দূৰত। যাৰ বাবে যাত্ৰীসকলে অসমৰ ডিব্ৰুগড় বা গুৱাহাটীৰ পৰা বিমানেৰে আহিবলৈ ৬ৰ পৰা ১০ ঘণ্টা ভ্ৰমণ কৰিব লাগে।

ডনি পোলো বিমানবন্দৰে ৰাজ্যখনত সংযোগ সহজ কৰাত আৰু পৰ্যটন বৃদ্ধি কৰাত সহায় কৰিব। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোডীয়ে আধাৰশিলা স্থাপন কৰে। কৰোনা মহামাৰী আৰু অন্যান্য প্ৰত্যাহ্বানস্বত্বেও, ইয়াৰ নিৰ্মাণ কাৰ্য অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈছিল।

আৰু পঢ়ক: এটা বেগৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, সম্পূৰ্ণ মুখত তেজৰ চেকুৰা, হোৱা নাই চিনাক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in