এটা বেগৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, সম্পূৰ্ণ মুখত তেজৰ চেকুৰা, হোৱা নাই চিনাক্ত

দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাঁওতেই পুনৰ এক নৃশংস হত্যাকাণ্ড পোহৰলৈ আহিছে। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱেৰ ওচৰত এটা বেগৰ ভিতৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে।

author-image
Asomiya Pratidin
New Update
এটা বেগৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, সম্পূৰ্ণ মুখত তেজৰ চেকুৰা, হোৱা নাই চিনাক্ত

ডিজিটেল ডেস্ক: দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাঁওতেই পুনৰ এক নৃশংস হত্যাকাণ্ড পোহৰলৈ আহিছে। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মথুৰাৰ যমুনা এক্সপ্ৰেছৱেৰ ওচৰত এটা বেগৰ ভিতৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। যুৱতী গৰাকীৰ মৃতদেহটো পলিথিনত মেৰিয়াই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে।

Advertisment

আৰক্ষীয়ে কয় যে হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ বয়স প্ৰায় ২০ বছৰ মান হ'ব। যুৱতী গৰাকীৰ মুখ মণ্ডলত আৰক্ষীয়ে তেজৰ চেকুৰা প্ৰত্যক্ষ কৰিছিল। লগতে সমষ্ট শৰীৰত আঘাতৰ চিন স্পষ্ট আছিল।

আৰক্ষীয়ে সন্দেহ কৰিছে যে যুৱতী গৰাকীক অন্য ঠাইত হত্যা কৰি সেই ঠাইত পেলাই দিছে। যাতে বেছি মানুহৰ চকুত নপৰে।

উল্লেখ্য যে, আজি পুৱাৰ ভাগত একাংশ শ্ৰমিকে গৰাকী বিহীন বেগতো দেখি আৰক্ষীক ফোন কৰিছিল। তাৰ পাছতেই বেগটোত মৃতদেহ উদ্ধাৰ হৈছিল।

বৰ্তমানলৈ যুৱতী গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

আৰু পঢ়ক: নৱমী পূজাৰ দিনাই ওলাই গৈছিল যুৱক, ডেৰ মাহ পাছত গছত ওলমি থকা মৃতদেহ উদ্ধাৰ...

murder uttar pradesh deadbody