তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে কৃষক নিধিৰ ২০হাজাৰ কোটি টকীয়া ফাইলত অনুমোদন মোডীৰ

তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে কৃষক নিধিৰ ২০হাজাৰ কোটি টকীয়া ফাইলত অনুমোদন মোডীৰ

ডিজিটেল ডেস্কঃ দেওবাৰে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমটো ফাইলত স্বাক্ষৰ কৰে সোমবাৰে। কৃষক কল্যাণ সম্পৰ্কীয় এই ফাইলটোত স্বাক্ষৰ কৰা পাছত দেশৰ ৯.৩কোটি কৃষক লোকে লাভ কৰিব ধন। পি এম কৃষাণ নিধিৰ ধন প্ৰধানমন্ত্ৰী মোডীয়ে এই ফাইলত চহী কৰাৰ লগে লগে এই বৃহত সংখ্যক কৃষকৰ একাউন্টত সোমাব ২০হাজাৰ কোটি টকা।

আবেলি ৫বজাৰ মন্ত্ৰীসভাৰ বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ গৈ মোডীয়ে এই ফাইলত অনুমোদন জনায়। ইয়াৰ লগে লগে কৃষকসকলৰ ১৫সংখ্যক পি এম কৃষাণ নিধিৰ ধন বিতৰণত সহজ হ'ব।

উল্লেখযোগ্য যে দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডী আন ৭১গৰাকী মন্ত্ৰীৰ সৈতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে।

তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে কৃষক নিধিৰ ২০হাজাৰ কোটি টকীয়া ফাইলত অনুমোদন মোডীৰ
৬মাহত সমাধা হ'ব লাগিব হিন্দু-বাঙালী সমস্যাঃ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in