৬মাহত সমাধা হ'ব লাগিব হিন্দু-বাঙালী সমস্যাঃ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যন

৬মাহত সমাধা হ'ব লাগিব হিন্দু-বাঙালী সমস্যাঃ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যন

author-image
Asomiya Pratidin
New Update
৬মাহত সমাধা হ'ব লাগিব হিন্দু-বাঙালী সমস্যাঃ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যন

ডিজিটেল সংবাদ,চিলাপথাৰঃ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চেঙাজান অঞ্চলিকৰ অষ্টম দি বাৰ্ষিক অধিৱেশনখনৰ দেওবাৰে সামৰণি পৰে। দুদিনীয়াকৈ অনুষ্ঠিত অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে ফেডাৰেশ্যনৰ সভাপতি দীপক দে।

Advertisment

উল্লেখ্য যে, অসমত বসবাস কৰা অন্যতম এটি জনগোষ্ঠী হৈছে হিন্দু বাঙালী। এই হিন্দু বাঙালী লোকক বিভিন্ন সময়ত চৰকাৰে স্বদেশী হোৱা স্বত্বেও ডি ভোটাৰ, বিদেশী, ডিটেনচন কেম্পৰ নামত হাৰাশাস্তি চলোৱাৰ অভিযোগ তুলি আহিছে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনে।

আগন্তুক ৬ মাহৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে হিন্দু বাঙালীৰ জলন্ত-সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে। কথা দিয়া মতেই লোকসভা নিৰ্বাচনত বাঙালী ৰাইজে হাতউজাৰি বিজেপি দলক ভোটদান কৰিছে।

গতিকে এই সমস্যা সমাধান নকৰিলে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ২০২৬ৰ বিধানসভা নিৰ্বাচনত টোপোলাটাপলি বান্ধি ব্ৰহ্মপুত্ৰত উটোৱাই দিয়াৰ হুংকাৰ দিয়ে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনে। মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৬ মাহৰ ভিতৰত সম্পূৰ্ণ নকৰিলে বৰাক-ব্ৰহ্মপুত্ৰৰ বাঙালীয়ে একেলগে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে।

এইক্ষেত্ৰত কোন দলে বাঙালী ফেডাৰেশ্যনক ভাল-বেয়া পাব,শত্ৰু-মিত্ৰ জ্ঞান কৰিব ক'বলগীয়া একো নাই বুলিও মন্তব্য কৰে। লগতে কয় যে, জাতিক সুৰক্ষা দিয়াৰ বাবে কাম কৰি যাব প্ৰয়োজনত তেজ দিবলৈয়ো সাজু আছো।

Also Read: মোডী ব্ৰিগ্ৰেডত অন্নপূৰ্ণা ইন, স্মৃতি আউট !

Bengali Federation silapathar Assam Silapathar