মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক তৰংগ অসম ক্ৰিকেট সন্থাৰ নতুন সভাপতি...

মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক তৰংগ অসম ক্ৰিকেট সন্থাৰ নতুন সভাপতি...
মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক তৰংগ অসম ক্ৰিকেট সন্থাৰ নতুন সভাপতি...

ডিজিটেল ডেস্কঃ অসম ক্ৰিকেট সন্থাৰ পৰৱৰ্তী সভাপতি নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ। অসম ক্ৰিকেট সন্থাৰ আগন্তুক ২০২৩-২৫ কাৰ্যকালৰ বাবে অহা ২৭ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অৱশেষত এই নিৰ্বাচন বাতিল হৈছে।

নিৰ্বাচনৰ বাবে ২১ নৱেম্বৰ মনোনয় পত্ৰৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল আৰু ২২ নৱেম্বৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছিল। সন্থাৰ সভাপতি পদৰ বাবে নাহৰকটীয়াৰ বিধায়ক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত তৰংগ গগৈয়ে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি পূৰ্বৰে পৰা প্ৰচাৰ চলি আহিছিল।

বিধায়ক গগৈয়ে গৃহ জিলাৰ পৰিৱৰ্তেগুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতিনিধি হিচাপে এই নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে। সভাপতি পদৰ বাবে গগৈয়ে মনোনয়ন দাখিল কৰে যদিও তেওঁৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থীয়ে মনোনয়পত্ৰ দাখিল নকৰে।

একেদৰে সম্পাদক পদৰ বাবে বৰ্তমানৰ কোষাধ্যক্ষ ত্ৰিদিপ কোঁৱৰ আৰু পূৰ্বৰ ৰঞ্জী ক্ৰিকেটাৰ ৰাজেশ বৰাই প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল যদিও অন্তিম মুহূৰ্তত ব্যক্তিগত অসুবিধাৰ কথা দোহাৰি ৰাজেশ বৰাই মনোনয়ন দাখিল নকৰে বুলি অসম ক্ৰিকেট সন্থাক অৱগত কৰে।

ফলত সম্পাদকৰ পদৰ বাবে কেৱল ত্ৰিদিপ কোঁৱৰেই ৰয় গৈ। এনে পৰিস্থিতিত অসম ক্ৰিকেট সন্থাই ৩১ জিলা প্ৰতিনিধিৰ সৈতে শাৰীৰিক আৰু টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে সকলোৰে সন্মতি সাপেক্ষে অন্যান্য পদৰ বাবেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে আলোচনাৰেই বিষয়া বাচনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অনুসৰি সন্থাৰ যুটীয়া সম্পাদকৰ পদৰ বাবে ৰজিন্দৰ সিং, কোষাধ্যক্ষ পদৰ বাবে চিৰঞ্জীৱ লাংথাছা, উপ-সভাপতি হিচাপে ৰাজদীপ ওজাৰ নাম চূড়ান্ত কৰা হয়। ইয়াৰে ৰাজদীপ ওজা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ পুত্ৰ। ইফালে এপেক্স কাউন্সিলৰ সদস্য হিচাপে মঙলদৈ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অনুপম ডেকাৰ নাম চূড়ান্ত কৰা হয়। এই অসম ক্ৰিকেট সন্থাৰ নতুন কমিটী নিৰ্বাচনৰ পৰিৱৰ্তে বাছনিৰ জৰিয়তেই সম্পন্ন হৈ যায়।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in