/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07-31/e55qz02m/14.jpg)
ডিজিটেল সংবাদ,সৰুপথাৰঃ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটৰ বজাৰৰ সমীপৰ সোনালী নগৰ অঞ্চলত কৃত্ৰিম বান। বজাৰখনৰ নলা-নৰ্দমা পৰিষ্কাৰ নকৰাৰ ফলত বৰষুনৰ পানীতেই বুৰ গ'ল প্ৰায় ১১খনকৈ গাঁও। উৰিয়ামঘাট বজাৰৰ নলা-নৰ্দমাৰ পানী ওলাই যোৱাৰ সু-পৰিকল্পিত ব্যৱস্থা নথকাৰ বাবে কৃত্ৰিম বানত ভোগিবলগীয়া হৈছে অঞ্চলবাসী।
ইপিনে আজি স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে অঞ্চলটো পৰিদৰ্শন কৰি প্ৰশাসনৰ সহযোগত পানী ওলাই যাবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ কৰে।বিধায়কজনৰ লগত মহকুমাধিপতি শ্ৰেয়া সিংঘাল, ৰাজহ চক্ৰ বিষয়া মনোজ দলে উপস্থিত থাকে।
ইপিনে সীমান্তৱৰ্তী এলেকাটোত কৃত্ৰিম বানৰ ফলত একাংশ লোকে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। আশ্ৰয় শিবিৰত থকা লোক সকলৰ বাবে প্ৰয়োজনীয় বান সাহাৰ্য্যৰ ব্যৱস্থাও কৰে প্ৰশাসনে।
Also Read: শিৱসাগৰত সাংবাদিক নিগ্ৰহ! গৰু চোৰ চক্ৰৰ আক্ৰমণত আহত দুই সাংবাদিক...