শিৱসাগৰত সাংবাদিক নিগ্ৰহ! গৰু চোৰ চক্ৰৰ আক্ৰমণত আহত দুই সাংবাদিক...

শিৱসাগৰত সাংবাদিক নিগ্ৰহ! গৰু চোৰ চক্ৰৰ আক্ৰমণত আহত দুই সাংবাদিক...

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত সাংবাদিক নিগ্ৰহ! গৰু চোৰ চক্ৰৰ আক্ৰমণত আহত দুই সাংবাদিক...

ডিজিটেল সংবাদ,শিৱসাগৰঃ গৰু চোৰৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিকক আক্ৰমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আহত সাংবাদিক দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ সাংবাদিক দুগৰাকী ক্ৰমে অনন্ত স্মিথ আৰু আচিফ আলী ৷

Advertisment

আখৈফুটীয়াৰ চাহিল আলী,জেঙনিকটীয়াৰ শ্বাহ পথৰ ৰফিক শ্বাহ, তাকৰিম আহমেদ, কলীয়া আৰু মাইনা নামৰ লোক কেইজনে সাংবাদিক দুজনক আক্ৰমণ কৰে। এই ঘটনাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সাংবাদিকক আক্ৰমণৰ ঘটনাক লৈ গৰজি উঠিছে বীৰ লাচিত সেনা সহিতে কেইবাটাও সংগঠন৷

এঘন্টাৰ ভিতৰত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰিলে পথ অৱৰোধৰ হুংকাৰ বীৰ লাচিত সেনাৰ ৷বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এঘন্টাৰ ভিতৰত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰিলে কে পি চাৰিআলিত পথ অৱৰোধৰ হুংকাৰ দিয়ে ৷

শৃংখল চলিহাই আখৈফুটীয়াৰ চাহিল আলী,জেঙনিকটীয়াৰ শ্বাহ পথৰ ৰফিক শ্বাহ, তাকৰিম আহমেদ, কলীয়া আৰু মাইনাক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ উল্লেখ্য যে, ইতিমধ্যে আৰক্ষীয়ে দুই আক্ৰমণকাৰীক আটক কৰিছে ৷

Also Read: কাৰ্বি আংলং জিলাৰ অৱসৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া ৰবীন্দ্ৰ চন্দ্ৰ ব্ৰহ্মৰ দেহাৱসান

cattle paddler sivsagar news