
ডিজিটেল সংবাদ, নুমলীগড় : মৰঙিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে কেইবা কোটি টকাৰ একাধিক আঁচনিৰ শুভাৰম্ভ কৰে। নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আঁচনিৰ পুজিৰ দ্বাৰা মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ উন্নীতকৰণৰ বাবে ৯০ লাখ টকা, পংকা সপ্ত ছহীদ স্বাস্থ্য কেন্দ্ৰ উন্নীতকৰণৰ বাবে ১ কোটি ৮ লাখ টকা, ১ নং ৰংবং সংযোগী পথ পকীকৰণৰ বাবে ১ কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষ আঁচনিৰ আজি শুভাৰম্ভ কৰে ৷
ইয়াৰোপৰি গোলাঘাট ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা হ'ব লগা দৈগ্ৰোং কেন্দুগুৰিৰ এটা পথ আৰু পুখুৰীৰ কামৰ শুভাৰম্ভ কৰে ৷ বিধায়ক ফুকনে সমগ্ৰ সৰুপথাৰ সমষ্টিক উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰা বুলি জানিবলৈ দিয়ে।