RRR ৰ ছবিৰ 'নাটু নাটু' গীতলৈ গোল্ডেন গ্লোৱ ২০২৩ বঁটা...

দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ আৰআৰআৰ(RRR)য়ে গোল্ডেন গ্লোব ২০২৩ বঁটা প্ৰদান অনুষ্ঠানত ইতিহাস ৰচনা কৰে।

author-image
Asomiya Pratidin
New Update
RRR ৰ ছবিৰ 'নাটু নাটু' গীতলৈ গোল্ডেন গ্লোৱ ২০২৩ বঁটা...

ডিজিটেল ডেস্ক: দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ আৰআৰআৰ(RRR)য়ে গোল্ডেন গ্লোব ২০২৩ বঁটা প্ৰদান অনুষ্ঠানত ইতিহাস ৰচনা কৰে। চলচ্চিত্ৰখনৰ তেলেগু গীত 'নাটু নাটু'য়ে শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

Advertisment

'আৰআৰআৰ' বোলছবিখন যোৱা বৰ্ষৰ মাৰ্চ মাহত ছবিগৃহত মুক্তি দিয়া হৈছিল। এই ছবিখনে বক্স অফিচত ১২০০ কোটিতকৈও অধিক উপাৰ্জন কৰিছে।

বিশ্বৰ বহু চৰ্চিত এৱাৰ্ড শ্বটোত কেইবাখনো ছবিয়ে প্ৰতিদ্বন্দিতা কৰিছিল। ভাৰতৰ পৰা দক্ষিণ ভাৰতীয় চিনেমা ব্লকবাষ্টাৰ আৰআৰআৰ 'গোল্ডেন গ্লোব এৱাৰ্ডচ ২০২৩'ৰ বাবে মনোনয়নত আছিল।

এনে সময়ত বিশেষকৈ চৰ্চাত আছে ছবিৰ নিৰ্দেশক এছ এছ ৰাজামৌলী। এই সময়ত তেওঁৰ সংগ দিছে পত্নী ৰমা ৰাজামৌলীয়ে। ৰাজা মৌলীয়ে কুৰ্টা-ধুতী পিন্ধাৰ বিপৰীতে ভাৰতীয় পোচাক পিন্ধি এই অনুষ্ঠানটোত তেওঁকৰ পত্নীক দেখা যায়।

আৰু পঢ়ক: সমস্যা সমাধানৰ দাবীৰে নগাঁৱত অৱস্থান ধৰ্মঘট...

golden globes 2023 rrr