মিজোৰামত হেৰোইন জব্দ, গ্ৰেপ্তাৰ ৪ সৰবৰাহকাৰী...

জব্দ কৰা হেৰোইন, বাহন আৰু আটক কৰা লোক চাৰিজনক আইজলৰ নাৰ্কোটিক বিভাকক গতাই দিয়া হয় বুলি জানিবলৈ দিছে অসম ৰাইফলছে
guwahati
guwahati

ডিজিটেল সংবাদ, শিলচৰঃ মিজোৰামত বুজন পৰিমাণৰ হেৰোইন জব্দ ৷ অসম ৰাইফলছ আৰু নাৰ্কোটিক বিভাগৰ যুটীয়া অভিযানত জব্দ ২৩৬ গ্ৰাম হেৰোইন ৷

জানিব পৰা মতে আইজলৰ ফকলেণ্ডত অভিযান চলাই এখন বাহনৰ পৰা জব্দ কৰে ১৮ টা হেৰোইন ভৰ্তি চাবোনৰ বাকচ ৷ বাকচ কেইটাৰ পৰা জব্দ কৰা হেৰোইনৰ ওজন ২৩৬ গ্ৰাম ৷ আৰক্ষীয়ে জনোৱা অনুসৰি জব্দ কৰা হেৰোইনৰ মুল্য ১ কোটি ১৮ লাখ টকা বুলি সদৰী কৰিছে।

লগতে জনায় যে, হেৰোইন সৰবৰাহৰ অভিযোগত চাৰিজন সৰবৰাহকাৰীক আটক কৰে ৷ আনহাতে জব্দ কৰা হয় হেৰোইন উদ্ধাৰ কৰা বাহন খনো ৷ পিচত জব্দ কৰা হেৰোইন, বাহন আৰু আটক কৰা লোক চাৰিজনক আইজলৰ নাৰ্কোটিক বিভাকক গতাই দিয়া হয় বুলি জানিবলৈ দিছে অসম ৰাইফলছে ৷

আৰু পঢ়কঃ দিনবোৰ সলনি হ'ল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in