দিনবোৰ সলনি হ'ল

special writing
special writing

মৃদুল কুমাৰ সন্দিকৈ

দিনবোৰ পাৰ হৈ গৈ আছে। পৰিৱৰ্তনৰ ঢৌৱে আমাক চুই গৈছে। পুৰণি সময়বোৰে নতুন সময়ৰ ওচৰত হাৰ মানিছে। বহু আহিছে, বহু হেৰুৱাইছো। কেতিয়াবা ভাব হয় পুৰণি দিনবোৰেই ভাল আছিল। সেই দিনবোৰত কি নাছিল।

এতিয়া মানুহ সমাজ প্ৰিয় হৈ আছেনে ? সমাজ পাতি বাস কৰিলেও পূৰ্বৰ সেই আন্তৰিকতা কৰবাত যেন আমি এৰি আহিলো। গাঁৱৰ সেই ঘৰখনৰ পুৰণি পৰিৱেশে কেতিয়াবা স্মৃতিৰ সূঁতিৰে উজাই আহিলে ভাবিয়েই ভাল লাগে।

কি নাছিল সেই সময়বোৰত। আজিৰ দৰে যান্ত্ৰিকতা নাছিল, কিন্তু আন্তৰিকতা আছিল সকলোতে। দায়িত্ববোধ আৰু মূল্যবোধৰ উমান খোজে খোজে আছিল। এতিয়াচোন কোনে কাক কিমান ফাঁকি দিব পাৰে তাৰ প্ৰতিযোগিতা চলে।

পুত্ৰই যদি ধনৰ লালসাত নিজক অপহৰণ কৰা নাটক ৰচি পিতৃক ব্লেকমেইল কৰিব পাৰে তেনেহ'লে আস্থা আৰু বিশ্বাসৰ পৃথিৱীখন ক'ত আছে। এনে দিনৰ কাম্য জানো কোনোবাই কৰে, য'ত সততা আৰু মূল্যবোধৰ সলনি ধনৰ ঝনঝননি।

ধনৰ বলত সকলো কৰিব পাৰি। ভেজাল আৰু নকলৰ প্ৰয়োভৰ নাই ক'ত। আচল হেৰাই গৈছে নকলৰ ভিৰত। সকলো থাকিও যেন কিবা এটা নথকাৰ দুখত মানুহবোৰ দুখী। ঘৰ আছে, ইটা-চিমেন্ট কংক্ৰিটেৰে সজা প্ৰকাণ্ড অট্টালিকাবোৰত থাকিবলৈ মানুহ নাই।

এয়া জানো জীৱনৰ বাবে কম যান্ত্ৰণা ? বিনামূলীয়া সামগ্ৰী বিচাৰি মানুহে হাহাকাৰ কৰে। খেতি-বাতি কৰাৰ পৰিৱেশ হেৰাই গৈছে বহু গাঁৱৰ পৰা। গোহালিত গৰু নাই, পথাৰত ধান নাই। পুৱাই হাললৈ ওলাই যোৱা সেই দৃশ্য কৰবাত কেতিয়াবা দেখাৰ সৌভাগ্য হয়।

খেতি এতিয়া ব্যৱসায়। ৰাসায়নিক সাৰ বা আন প্ৰক্ৰিয়াৰে কম সময়ৰ ভিতৰত কিমান বেছি উৎপাদন কৰি লাভৰ মুখ দেখিব পাৰি সেই চিন্তাহে আমি কৰো। স্বাস্থ্যৰ প্ৰতি আমি উদাসীন। অথচ অসমীয়া সমাজত খাদ্যৰ প্ৰতি আমি কিমান সচেতন আছিলো।

বাৰীত আমাৰ কি নাছিল। মাছে, চাউলে, তামোলে, পাণে উভয়নদী হৈ আছিল। জুইত চৰুটো পাতি আন নহ'লেও বাৰীৰ শাক চিঙি আনি সতেজ খাদ্য খোৱাৰ আমেজেই বেলেগ আছিল। সংস্কাৰ আছিল সকলোতেই।

পুৱা শুই উঠি চোতাল সৰাৰ পৰা আৰম্ভ কৰি খাদ্য প্ৰস্তুতৰ লৈকে মনা সেই নিয়মবোৰ বিজ্ঞানসন্মতেই নহয়, আমাৰ ৰুচিবোধ, সুস্বাস্থ্যৰ বাবে মানিব লগা নিয়মৰ নামান্তৰ আছিল। পুৱা-গধুলি শুই উঠি সৰু ল'ৰা-ছোৱালীবোৰক প্ৰাৰ্থনা গাবলৈ দিয়া হৈছিল। তাৰ পাছত পঢ়াৰ টেবুলত বহাটো সকলো পৰিয়ালৰে সৰু ল'ৰা-ছেৱালীবোৰৰ বাবে অলিখিত নিয়ম আছিল।

গাঁৱত কাৰোবাৰ ঘৰত সকাম-নিকাম বা বিয়া-সবাহ হ'লে চুবুৰীয়া তথা গাঁৱৰ মানুহবোৰ জপিয়াই পৰিছিল। বাৰীৰ কলগছ কাটি আনি ৰভা দিছিল। ৰভাৰ ওপৰত কলপাতেৰে ঢাকিছিল। এতিয়াৰ দৰে কাম কৰা মানুহ, টেন্ট হাউচৰ কাপোৰ, বাচন-বৰ্তন বিচাৰিব লগা নহৈছিল।

সকলোৱে নিজৰ দায়িত্ব ভগাই লৈছিল। বিয়াত গাঁঠিয়ন খুন্দা পৰ্বৰ আমেজ আৰু আনন্দই সুকীয়া আছিল। বিয়াৰ আগতে ডেকা-জীয়ৰীবোৰে মিলি ডেকা-জীয়ৰীৰ ভোজ খাইছিল। এতিয়া সেইবোৰ হ'লগৈ বেচেলৰ পাৰ্টী, সংগীত আদি।

আমি আমাৰখিনি এৰি আনৰবোৰ আদৰি ভাল পাওঁ। কাতি বিহু পাতিবলৈ আজৰিয়েই নাপাও। আগতে কাতি বিহু মানে খেতিয়কৰ, গাঁৱৰ সৰু ল'ৰা-ছোৱালী বোৰৰ ক'ত ব্যস্ততা। বিহুক এৰি দশেৰাত ধৰিলো। আনাৰবোৰো আদৰি ল'ব লাগে। কিন্তু নিজৰবোৰক পাহৰি জানো আনক আদৰি ল'লে আমাৰ অস্তিস্ব ক'ত থাকিবগৈ।

কাৰোবাৰ মৃত্যু হ'লে সকলো বিভেদ পাহৰি মৃতকৰ ঘৰত মানুহৰ ভিৰ লাগিছিল। আনৰ বাবে মানুহবোৰে সঁচা অন্তৰে কান্দিছিল। শোকৰ সেই মুহূৰ্তত সকলো ধৰণে সাহস আৰু সান্তনা দিছিল। এতিয়াচোন কাষৰ মানুহঘৰৰ কাৰোবাৰ মৃত্যুৰ খবৰে আমাক চুই নাযায়।

অন্তিম যাত্ৰাত অত্যন্ত ঘনিষ্ট নহ'লে যোৱাৰ অভ্যাস আমি ত্যাগ কৰিছো। সেই কথাবোৰ ভাবিলে তেতিয়া আৰু এতিয়াৰ সময়ৰ বহু পাৰ্থক্য ধৰা দিয়েহি। পৰিৱৰ্তন সকলোতে হৈছে। কিন্তু সেয়া ভালৰ বাবে যে সকলো হৈছে সেয়া কোনেও নাযানে।

জীৱনক আমি উপভোগ কৰিবলৈ শিকিছো। সুখ, আনন্দৰ এখন ভৌতিক পৃথিৱীৰ বাসিন্দা হৈ পৰিছো। অস্থিৰ সময়ৰ বালিত নিজক আৱিষ্কাৰ কৰাৰ সলনি যি হৈ আছে তাতেই উটি-ভাহি গৈছো। একো লৈ মানুহে নাহে। একো লৈ মানুহে নাযায়।

সম্পত্তি, টকা-পইচা আন সামগ্ৰী আমি আহৰণ কৰো। কিন্তু সেয়া জানো আমাৰ। আমি নিজৰ বুলি কেৱল ভাবোহে। জীৱনৰ পথত আমি সকলোৱে এটা সত্বা হৈ জীয়াই থাকো। মিছা অহংকাৰ আৰু গৰ্বই আমাক বেৰি থাকে।

আত্মীয়তা এতিয়া দুৰ্লভ। মাক-দেউতাকৰ সৈতে একাংশ সন্তানে কৰা আচৰণৰ উদাহৰণে সেই কথাকেই কয়। ইমান স্বাৰ্থ কেন্দ্ৰিক কেনেকৈ হ'ব পাৰিছো আমি। আমি সভ্যতাৰ পাছত দৌৰি অতি সভ্য হৈ পৰিছো। কাৰোবাক কোনোবাই মাৰপিট কৰিলেও নামঘৰত আঠু লৈ সেই অপৰাধৰ বাবে ক্ষমা বিচৰাৰ পৰিৱেশ আজি নাই।

নিজ পত্নীক, নিজ স্বামীক মাৰি কাটি-কাটি টুকুৰা কৰি দিয়া মানসিকতাৰ গৰাকী হৈছে মানুহ। তেনে ক'ত আছে এই দিনবোৰৰ মাদকতা। চৌদিশৰ ঘটনাবোৰে আমাক বাৰে বাৰে মনত পেলাই দিয়ে পুৰণি দিনবোৰলৈ, পুৰণি সময়বোৰলৈ।

সৰু সৰু একোটা ঘটনাতেই আছিল বহু প্ৰাপ্তি। পুৰণি সময়বোৰত আছিল বিমল আনন্দ। তেতিয়াও অপৰাধ সংঘটিত হৈছিল। কিন্তু ভাল মানুহবোৰৰ তুলনাত অপৰাধীৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰাকৈ নগণ্য আছিল।

আজিচোন প্ৰতিজন মানুহকেই সময়ে অপৰাধী কৰি তুলিছে। সাহিত্য, ৰাজনীতি, সামজ, সংস্কৃতি চৌদিশে এনে লোকৰ গিজগিজনি। দেখাতহে আমি সভ্যৰ পৰা অতিসভ্য হৈছো।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in