/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/cdb3d7ea-6af8-48ec-8950-de40398d1d84/mizoram.jpg)
ডিজিটেল ডেস্ক: সোমবাৰে মিজোৰামত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। শ্ৰমিকৰ ওপৰত খহি পৰে বৃহৎ পাথৰ কুৱেৰী। শিল-বালিৰ তলত জীৱন্তে পোত গ'ল ১২ জনতকৈ অধিক লোক।
সূত্ৰ অনুসৰি জানিব পৰা মতে, হনাথিয়েল জিলাৰ মৌদাৰহৰ ব্যক্তিগত কোম্পানীৰ বাবে কাম কৰিছিল শ্ৰমিকসকলে। তেওঁলোকে মধ্যাহ্নভোজনৰ বিৰতিৰ পৰা উভতি অহাৰ পাছতেই এই ঘটনা সংঘটিত হয়।
উল্লেখ্য যে, এই ঘটনাত খননকাৰী মেছিনৰ লৈতে কেইবাটা মেচিনো মাটিত পোত যায়। ঘটনা স্থলীত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে।
আৰু পঢ়ক: মিছন বসুন্ধৰা-২ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ