মিছন বসুন্ধৰা-২ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছন বাসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে।
মিছন বসুন্ধৰা-২ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল ডেস্ক :সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছন বাসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে।

টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, "আজিৰ দিনটো অসমৰ জনসাধাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। মিছন বাসুন্ধৰা প্ৰথম পৰ্যায়ৰ সফল ৰূপায়ণৰ পিছত, মই মিছন বাসুন্ধৰা ২ আৰম্ভ কৰি আনন্দিত হৈছো যাৰ অধীনত আমি ৮ টা ভূমি সম্পৰ্কীয় সেৱা আগবঢ়াম। এইটো আমাৰ ভূমি সংস্কাৰৰ প্ৰচেষ্টাত আন এক মাইলৰ খুঁটি হ'ব।"

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শৰ্মাই কয় যে অসম চৰকাৰে স্ব-প্ৰমাণপত্ৰৰ ভিত্তিত খিলঞ্জীয়া লোকসকলক ভূমি অধিকাৰ প্ৰদানৰ দিশত কাম কৰি আছে। তেওঁ কয় যে, তেওঁ কয়, " স্ব-প্ৰমাণপত্ৰত উল্লেখ কৰিব লাগিব যে দাবী কৰ্তাই যোৱা তিনি প্ৰজন্ম ধৰি সেই ভূমিত বাস কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে প্ৰাপ্য সকলক এই সুবিধাৰ লাভ উঠাবলৈ কৈছে।

উল্লেখ্য যে, যোৱা বছৰ মিছন বাসুন্ধৰাৰ প্ৰথম পৰ্যায় আৰম্ভ কৰা হৈছিল। এই বছৰৰ মে মাহত প্ৰথম পৰ্যায় সমাপ্ত হৈছিল।ইয়াৰ ফলত প্ৰায় ৬ লাখ লোক উপকৃত হৈছে।

আৰু পঢ়ক: বঢ়মপুৰত ৰাস মহোৎসৱ: সাংবাদিক নিতুমণি শইকীয়ালৈ অসম গৌৰৱ বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in