মিচিং জাতীয় সংগঠনৰ দাবী দিৱস পালন

মিচিং জাতীয় সংগঠনৰ দাবী দিৱস পালন

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ দেওবাৰে ঢকুৱাখনাত অসমৰ দ্বিতীয় সৰ্ববৃহৎ খিলঞ্জীয়া জনগোষ্ঠী মিচিং সকলে দাবী দিৱস পালন কৰে। মিচিং জনগোষ্ঠীটোৰ দীৰ্ঘকালীন জাতীয় সমস্যা সমূহৰ লগতে ৰাজ্যখনৰ জ্বলন্ত সমস্যা সমূ্হৰ স্থায়ী সমাধানৰ দাবীত প্ৰতিষ্ঠা কালৰে পৰা ৫মে'ৰ দিনটো দাবী দিৱস হিচাপে পালন কৰি আহিছে।

ঢকুৱাখনা জিলা টাকাম মিচিং পৰিণ কৌবাংৰ উদ্যোগত দাবী দিৱস উপলক্ষে জাতীয় সংগঠনৰ নেতৃবৰ্গ এখন বৈঠকত মিলিত হয়। ইয়াৰ পাছতে এই দাবী দিৱসৰ সৈতে সংগতি ৰাখি ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

উপ আয়ুক্ত গৰাকীৰ জৰিয়তে এই স্মাৰক পত্ৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। এইখনত মিচিং জনগোষ্ঠীৰ লোক উৎসৱ আলি আ:য়ে লৃগাংৰ দিনটো ৰাজ্যিক সাৰ্বজনীন বন্ধ ঘোষণা কৰা,গৰাখহনীয়া আৰু বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত নিয়ন্ত্ৰণ কৰা,ভূমি পট্টন ব্যৱস্থাৰে খিলঞ্জীয়া ভূমিপুত্ৰ সকলক সামৰি লোৱা,গ্ৰামাঞ্চলৰ বিপৰ্যস্ত যাতায়ত ব্যৱস্থা সুচল কৰা,শিক্ষানুষ্ঠান আৰু স্বাস্থ্য কেন্দ্ৰ,চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত কৰি পৰ্যাপ্ত চিকিৎসকক নিযুক্তি দিয়া আদি তাৎক্ষণিক সমাধানৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰখন প্ৰেৰণ কৰে।

জাতীয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় নেতা সুনীল কুমাৰ পেগুৰ নেতৃত্বত আৰু টাকাম মিচিং মিমে কৌবাংৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং,জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতা যোগেশ কুম্বাং,ক্ষীৰোদ পেগু,ৰাজীৱ দলে,ৰাজীৱ টাইদ,দ্বীপাঞ্জল দলে, নৰনাথ চণ্ডী, শিৰোমণি দলে,উমানন্দ দলে,ইন্দ্ৰ পাতিৰ,গজেন দলে,টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি সঞ্জীৱ দলে,সম্পাদক অমৰজিৎ দলে,এম এম কেৰ জিলা সমিতিৰ সভাপতি দ্বীপেন দলে,সম্পাদক গণেশ দলে, টি এম এম কেৰ জিলা সভানেত্ৰী নিশা পাতিৰ, সম্পাদিকা বালাজ্যোতি দলেৰ লগতে জিলা আৰু আঞ্চলিক নেতৃবৃন্দই কাৰ্যসূচীত সহযোগিতা আগবঢ়াই এই দাবী পত্ৰ প্ৰদান কৰে।

মিচিং জনগোষ্ঠীৰ সংগ্ৰামী নেতা সুনীল কুমাৰ পেগুৱে মিচিং স্বায়ত্বশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান,মিচিং ভাষাক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যমৰ স্বীকৃতি দিয়া আৰু সাংবিধানিক ভাৱে "মিৰি" শব্দটো সংশোধন কৰি "মিচিং" কৰা আদি দাবীৰ ক্ষেত্ৰত অসম চৰকাৰে আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত অন্যান্য সমস্যাৰো স্থায়ী সমাধানক লৈ মুখ্যমন্ত্ৰী গৰাকীৰ গুৰুত্ব আৰু হস্তক্ষেপ কামনা কৰি ঢকুৱাখনা উপ আয়ুক্ত কাৰ্তিক কলিতাৰ হাতত কেন্দ্ৰীয় নেতা পেগু সহ নেতৃবৰ্গই ঢকুৱাখনা জিলা সমিতিৰ হৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

মিচিং জাতীয় সংগঠনৰ দাবী দিৱস পালন
ফাট বিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাঃ এইবাৰৰ বাজেট ৩৫ লাখ টকা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in