বৰলুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠদান কাৰ্যসূচী আৰম্ভ

মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে, টি এম এম কে আৰু এম বি কে'ৰ উদ্যোগত অনুষ্ঠিত হ'ল বিশাল উদ্বোধনী সভা। চাৰি দশক ধৰি চলা আন্দোলনৰ ফলশ্ৰুতিত মিচিং ভাষাই বিদ্যালয়ত নিৰ্দেশনাৰ মাধ্যম হিচাপে মৰ্য্যদা লাভ কৰা বিষয়টোক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে।

author-image
Asomiya Pratidin
New Update
werrwe

ডিজিটেল সংবাদ,ধেমাজিঃ  মিচিং লোকৰ অধ্যুষিত নৈপৰীয়া অঞ্চল বৰলুত বুধবাৰৰ পৰা আৰম্ভ হ'ল নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰে পাঠদান কাৰ্যসূচী। ৰাজ্যখনৰ ২০০খন প্ৰাথমিক বিদ্যালয়ৰ লগতে এইখন বিদ্যালয়তো কালিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ল মিচিং ভাষাত পাঠদান কাৰ্য। 

Advertisment

মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে, টি এম এম কে আৰু এম বি কে'ৰ উদ্যোগত অনুষ্ঠিত হ'ল বিশাল উদ্বোধনী সভা। চাৰি দশক ধৰি চলা আন্দোলনৰ ফলশ্ৰুতিত মিচিং ভাষাই বিদ্যালয়ত নিৰ্দেশনাৰ মাধ্যম হিচাপে মৰ্য্যদা লাভ কৰা বিষয়টোক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে।

ৰাইজে নাচি বাগী পালন কৰে অনন্দোৎসৱ। ৰাইজে ঢোলে দগৰে ৰজন জনোৱা পৰিবেশৰ মাজেৰে আদৰণী জনালে শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলক। মাংগলিক নিয়মৰ মাজেৰে অনুষ্ঠিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, শিক্ষক, সমাজকৰ্মী, জনগোষ্ঠীয় সংগঠনৰ নেতা আৰু বহু গণ্য-মান্য ব্যক্তিসকল।

উল্লেখ্য যে, বিদ্যালয় সমূহত মিচিং ভাষাৰে পাঠদানৰ যুগান্তকাৰী পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা লোৱাৰ বাবে ৰাইজে অসম চৰকাৰক ধন্যবাদ জনায়।

মিচিং ভাষা