/asomiyapratidin/media/media_files/2025/07/24/whatsapp-image-20-2025-07-24-21-14-33.jpeg)
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অসুস্থ হৈ পৰিছে এজনৰ পাছত আনজন এয়াৰ ইণ্ডিয়াৰ পাইলট। প্ৰাপ্ত তথ্য অনুসৰি,এয়াৰ ইণ্ডিয়াৰ পাইলটে অসুস্থতাৰ ছুটী লোৱাৰ সংখ্যা সামান্য বৃদ্ধি পাইছে। সংসদত এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে চৰকাৰে। যোৱা মাহত ১২ জুনত আহমেদাবাদত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
এই দুৰ্ঘটনাত মুঠ ২৬০ জন লোকে প্ৰাণ হেৰুৱাইছিল, ইয়াৰে ২৪১ জন বিমান যাত্ৰী আছিল। লোকসভাত এগৰাকী সদস্যৰ প্ৰশ্নৰ উত্তৰত অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহলে কয় যে, অসুস্থতাৰ ছুটী লোৱা পাইলটৰ সংখ্যা সামান্য বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি, বিমান দুৰ্ঘটনাৰ ৪ দিন পিছত ১৬ জুনত ৫১জন কমাণ্ডাৰে অসুস্থতা বুলি কৰ্তব্যৰ পৰা ছুটি লৈছিল।
লিখিত উত্তৰত মন্ত্ৰী মুৰলীধৰ মোহলেয়ে কয়, ২০২৫ চনৰ ১৬ জুনত ৫১ জন কমাণ্ডাৰ (পি১) আৰু ৬১ জন প্ৰথম বিষয়া (পি২)কে ধৰি মুঠ ১১২ জন পাইলট অসুস্থ হোৱাৰ তথ্য পোৱা গৈছিল।
উল্লেখ কৰা প্ৰয়োজন যে, অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত চিকিৎসা বিজ্ঞপ্তি জাৰি কৰিছিল। ইয়াত বিমান সংস্থাসমূহক বিমান ক্ৰু/এটিচিঅৰ বাবে এক সুকীয়া প্ৰশিক্ষণ কাৰ্যসূচী তৈয়াৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল।
এই কাৰ্যসূচীৰ লক্ষ্য আছিল মানসিক স্বাস্থ্যজনিত সমস্যাৰ কুপ্ৰভাৱ চিনাক্ত আৰু মোকাবিলা কৰা। এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ হ’ল বিমানক গাইড কৰা লোক। শ্ৰী মোহলে কয়, ইয়াৰ উপৰিও সংস্থাসমূহক তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাবে মানসিক স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিবলৈ পিয়ৰ ছাপৰ্ট প্ৰগ্ৰেম (পি এছ পি) স্থাপন কৰিবলৈও পৰামৰ্শ দিয়া হৈছিল।