/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/mino.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ভলুকাগুৰি গাঁওৰ খগেন দাসৰ পুত্ৰ অৱশেষত আৰক্ষীৰ জালত বন্দী হ'ল। এগৰাকী কিশোৰী মেধাৱৱূ ছাত্ৰীৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখি গোপনে বলপূৰ্বক কিশোৰী গৰাকীৰ নগ্ন দেহৰ ভিডিঅ ৰেকৰ্ডিং কৰি ৰাখিছিল উদণ্ড কিশোৰে।
পৰৱৰ্তী সময়ত কিশোৰটোৰ নীচ মানসিকতা সন্দৰ্ভত জ্ঞাত হোৱাৰ পাছত দৰিদ্ৰ পৰিয়ালৰ মেধাৱী কিশোৰী গৰাকী এই নষ্ট চৰিত্ৰৰ কিশোৰটোৰ কবলৰ পৰা আঁতৰি থাকে । ইয়াতে ক্ষুণ্ণ হৈ উন্নাসিক কিশোৰটোৱে পূৰ্বে গোপনে ৰেকৰ্ডিং কৰি ৰখা বিভিন্ন বিতৰ্কিত ভিডিঅ' সামাজিক মাধ্যমত বিয়পাই দিয়ে ।
এই সন্দৰ্ভত বহু পলমকৈ কিশোৰী গৰাকী আৰু অভিভাৱকে জানিব পাৰি ঢকুৱাখনা সদৰ থানাত এক এজাহাৰ দাখিল কৰি এনে দুষ্কাৰ্য কৰা মতলবি কিশোৰটোৰ লগতে এই নিকৃষ্ট কাৰ্যত সহায় কৰা অন্য আত্মীয় আৰু সহযোগী সকলক দৃষ্টান্ত মূলক শাস্তি দিয়াৰ আহ্বান জনায় ২৩ মে'ত গোচৰ তৰে ।
ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰৰ আচামী অংকুৰ দাস বহু দিন ধৰি পলাই আছিল যদিও অৱশেষত শনিবাৰে আৰক্ষীৰ জালত পৰে। ঢকুৱাখনা আৰক্ষীয়ে ও অভিযুক্ত কিশোৰটোক গ্ৰেপ্তাৰ কৰি দেওবাৰে স্বাস্থ্য পৰীক্ষা কৰি মহকুমা ন্যায়িক দণ্ডাধীশৰ বিশেষ আদালতত হাজিৰ কৰাই যোৰহাট জিলাৰ নাবালক হাজোতলৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে অপকৰ্ম কৰা এই অভিযুক্ত কিশোৰটোক আৰক্ষী জিম্মাৰ পৰা উলিয়াই নিবলৈ শাসক দলৰ এটা ধুৰন্ধৰ প্ৰভাৱশালী চক্ৰই মাজ নিশা পৰ্যন্ত নিৰন্তৰ প্ৰয়াস চলাইছিল ।এই ক্ষেত্ৰত এটা বিশেষ সংগঠনৰ এজন বিতৰ্কিত ঠিকাদাৰ ৰূপী মহকুমা পৰ্যায়ৰ নেতাই গ্ৰহণ কৰিছিল মুখ্য ভূমিকা । শাসক দল আৰু সংগঠনৰ এনে নিন্দনীয় ভূমিকাৰ বিপৰীতে ঢকুৱাখনা সদৰ থানাৰ নব নিযুক্ত অচি নৱজ্যোতি ৰয়ৰ নীতিনিষ্ঠ স্থিতিৰ বাবে দুষ্টচক্ৰটো এই কূট কৌশলত সফল নহ'ল আৰু এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী লাঞ্চিতা কিশোৰীয়ে প্ৰাথমিক ভাৱে ন্যায় পাবলৈ সক্ষম হ'ল।
আৰু পঢ়ক: মন যায়…