মন যায়…

মন যায়…

মৃদুল কুমাৰ সন্দিকৈ

মানুহৰ মনটো সঁচাই আচৰিত। বহু কাম মনটোৱে কৰিব বিচাৰে। যিবোৰ কাম বাস্তৱত সম্ভৱ নহয় সেই কাম বোৰো মনে কেতিয়াবা কৰাৰ তাগিদা দিয়ে। মন কি সেয়া এক মনস্তাত্বিক বিষয়।

কাৰ কেতিয়া কি মন যায় সেয়া কোনোৱে নাজানে। পৃথিৱীত এনে বহু কাম আছে যিবোৰ কাম কৰিবলৈ মানুহৰ মনে তাগিদা দিয়ে। ভাল-বেয়া, অনুশোচনা আদি মানুহৰ মনত জন্ম হয়।

কেতিয়াবা আপুনি ভাৱেনে আপোনাৰ কি কি কৰিব মন যায়? বহু মানুহৰ ধনী হ'ব মন যায়। বহুতৰ আকৌ সমাজখন সংস্কাৰ আৰু দুৰ্নীতিমুক্ত কৰিব মন যায়। মানুহ ভেদে মানুহৰ মন যোৱা প্ৰৱণতা পৃথক পৃথক।

সৰু ল'ৰা এটাৰ মন যোৱা প্ৰৱণতা, ডেকা এজনৰ মন যোৱা প্ৰৱণতা আৰু বৃদ্ধ এজনৰ মন যোৱা প্ৰৱণতা পৃথক হ'ব পাৰে। কাৰোবাৰ যদি মন্ত্ৰী হ'ব মন যায়, কাৰোবাৰ সৰু কালতে শিক্ষক,ডাক্তৰ আদি হ'ব মন যায়।

মনক কোনোৱে বাধা দিব নোৱাৰে। যাৰ যি মন যায় সেই কল্পনাৰ জগতখন অতি বিচিত্ৰ হৈ পৰে।পৃথিৱীত থকা প্ৰতিজন মানুহৰ মন যোৱাটো বাস্তৱ হোৱাটো সম্ভৱ নহয়, তথাপিও মানুহে ভাৱি ভাল পায়।

পৃথিৱীৰ আটাইতকৈ ক্ষমতাশালী মানুহ কোন? ৰাজনৈতিক নেতা বোৰৰ সৈতে তেনে এজন ক্ষমতাশালী নেতা হবৰো মন যায়। মন যোৱা কামবোৰ কৰি ভাল লাগে। তেনে মন যোৱা বহু কামে আনৰ ক্ষতি কৰে।

ইচ্ছা গ'লেই সকলো কাম কৰিব নালাগে বা নোৱাৰি।সেয়ে মন গ'লেই সকলো সম্ভৱ নহয়।মনক দমাই ৰাখিব পৰাটোও নিজক নিয়ন্ত্ৰণ কৰাৰ দৰে।যদি চৰাই হৈ মানুহ উৰিব পাৰিলেহেতেনে, তেনেহ'লে মানুহে কি কৰিলেহেতেন?

সকলো ক্ষেত্ৰতে প্ৰকৃতিৰ কিছু নিয়ম আছে। প্ৰকৃতিয়ে সকলো দিব যেনেকৈ পাৰে ইয়াৰ সীমাবদ্ধতা তথা লক্ষণৰেখাও টানি দিয়ে। সেই সীমা অতিক্ৰম কৰিলেই হৈ পৰে বিপদজনক।

ধৰক আপুনি এজন মন্ত্ৰী। ইচ্ছা কৰিলে আপুনি সকলো কৰিব পাৰে। আপোনাৰ কোনোবাই সমলোচনা কৰিলে আপোনাৰ সেই সকলক কাৰাগাৰলৈ প্ৰেৰণ কৰিব মন যায়।

বহুতে তেনে কৰে।সমালোচনাৰ ভাষা তেওঁলোকৰ সহ্য নহয়।তেওঁলোকে প্ৰতিশোধ পৰায়ণ হৈ সমলোচনা কৰা সকলক, সত্যক উদঙাই দিয়া সকলক আন পথেৰে প্ৰতিশোধ পূৰণৰ জাল মেলে। কিয়নো তেওঁলোকৰ এনে কৰিবলৈ মন যায়।

ক্ষমতাৰ অপব্যৱহাৰ কৰি তেনে কাম কৰা লোক আছে।সামান্য খূঁত উলিয়াই তেওঁলোকক এসেকা দিবলৈ মন যোৱাৰ লগে লগে সেই কাম কৰি পেলায়। ইয়াক লৈ চৰ্চা হয়। কোনোবাই ক্ষমতাবান জনৰ কাষত থাকে, আন কোনোবা সেই ক্ষমতাবান জনৰ কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁৰ ক্ষমতা কাঢ়ি লবলৈ মন যায়।

মন গ'লেইতো সকলোৱে সকলো কাম কৰিব নোৱাৰে। সেয়েহে নীৰৱ দৰ্শক হৈ ৰয়। কিন্তু সুযোগ সুবিধা সদায় একেই নাথাকে। এদিন সমৰ্থন কৰা সকলে তেওঁলোকৰ ফেছীবাদী কাম কাজৰ বিৰুদ্ধাচৰণ কৰে।

এতিয়া যি মন যায়, কালিলৈ সেয়া মন নাযাবও পাৰে। মুঠতে মন যোৱা বিষয়টোৱে এক সহজ যেন লগা জটিল বিষয়। আজিৰ তাৰিখত হয়তো বহুতৰে মন গৈ আছে তেওঁলোকৰ স্বৰুপ দেখি মুকলিকৈ গালি পাৰিবলৈ।

কোনোবাই পাৰে, কোনোবাই গালি পাৰিব নোৱাৰে। কিন্তু মন হয়তো যায়।কাৰোবাৰ নিজকে প্ৰতিষ্ঠা কৰাৰ সপোন থাকে। কোনোবা ৰঙা দলিচাত খোজ কাঢ়িবলৈও মন যায়। ৰঙা দলিচাত ভৰি থৈ সেই ইতিহাস আৰু পৰম্পৰাক আঁৰত থৈ মানুহক মিছা ক'বলৈও মন যোৱা মানুহ আছে।

তাত বাধা দিওতা জনক ঘৰ ভাঙিবলৈও কাৰোবাৰ মন যায়।ক্ষমতা থকাৰ বাবেই সেই কাম কৰিবলৈ তেওঁলোকৰ কঠিন নহয়। মন গ'লেই চন, বাকৰুৱা মাটিতো ধন। সেই চাম লোকে যি মন যায় তাকেই কৰিব পাৰে। ভুল শুদ্ধ তেওঁলোকে বিচাৰ নকৰে।

সততা, ন্যায় নিষ্ঠতা এই আপেক্ষিক ধাৰণাবোৰ তেওঁলোকৰ বাবে গণ্য হৈ পৰে। এটা পৰ্যায়ৰ পাছত যি মন যায় তাকেই কৰিব পৰা হয়। কিন্তু মন গ'লেই মৃত্যু আহিলে মানুহে সাৰি যাব নোৱাৰে।মন গলেই এখন সুস্থ গণতন্ত্ৰ বৰ্তি থকা দেশত সকলোবোৰ কৰাতো সম্ভৱ নহয়।

মন যায় তেওঁলোকৰ কাৰোবাৰ ঘৰ ভাঙিবলৈ, কাৰোবাক কাৰাগাৰলৈ পঠিয়াই ৰঙা চকু দেখুৱাব, সাধাৰণ জনতাক লুটি পুটি খাব, প্ৰাচুৰ্য পৃথিৱীত লাহ-বিলাসৰ মাজত বুৰ গৈ থাকিব। মনটো সকলোৰে যায়,মন যোৱাটোহে সকলোৱে নাপায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in