ঢকুৱাখনাত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

ঢকুৱাখনাত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

ডিজিটেল সংবাদ, ঢকুৱাখনা: জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ একান্ত আৰু একনিষ্ঠ প্ৰপন্ন শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগ ঢকুৱাখনাত আয়োজন কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে আবিৰ্ভাৱ মহোৎসৱটি পালনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ।

মাধৱদেৱৰ আবিৰ্ভাৱ তিথি অহা ২৬ মে' দেওবাৰে দিনজোৰাকৈ অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা আঞ্চলিক শাখাৰ উদ্যোগত মণিকাঞ্চন প্ৰাথমিক শাখাৰ আতিথ্যত কাঠৰবাৰী গাঁৱৰ জিলা নামঘৰ প্ৰাঙ্গনত এই আবিৰ্ভাৱ মহোৎসৱভাগ অনুষ্ঠিত হ’ব।

মহোৎসৱটি যাতে সুচাৰুৰূপে পৰিচালিত হয় সেয়েহে এখন আদৰণি সমিতি গঠন কৰা হৈছে। আদৰণি সমিতিৰ সভাপতি দিলীপ কুমাৰ গগৈ আৰু সম্পাদক অজিত কুমাৰ গগৈয়ে জনোৱা মতে মহোৎসৱৰ পুৱা ভাগত অনুষ্ঠিতব্য বিভিন্ন কাৰ্যসূচীৰ পাছত  সংঘৰ পতাকা উত্তোলন কৰিব ঢকুৱাখনা আঞ্চলিক শাখাৰ সভাপতি বলীন কুমাৰ গগৈয়ে ।

ইয়াৰ পাছতে ঘোষা পাঠ কাৰ্যসূচী অনুষ্ঠিত হ’ব । পৰৱৰ্তী সময়ত দুপৰীয়া শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ অধ্যক্ষ  দেৱ কুমাৰ গগৈয়ে উদ্বোধন কৰিব মহোৎসৱৰ মুকলি সভা ।

মুকলি সভাত ঢকুৱাখনা জিলা শাখাৰ সভাপতি,ধৰ্মপ্ৰাণ বৈষ্ণৱ পূৰ্ণানন্দ গগৈয়ে মুখ্য অতিথি হিচাপে অংশ ল’ব। আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক সোনাৰাম ভাগৱতী।

ইফালে সন্মানিত অতিথি হিচাপে সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি টংকেশ্বৰ গোঁহাই, বলোৰাম দত্ত ,শৰণ সদস্য থানেশ্বৰ বৰা আদিৰ উপস্থিত থাকিব। লগতে বিশিষ্ট অতিথি হিচাপে বহু কেইগৰাকী বৈষ্ণৱে মুকলি সভাত অংশগ্ৰহণ কৰিব ।

উক্ত অনুষ্ঠানত প্ৰাথমিক শাখাৰ সভাপতি প্ৰবোধ শইকীয়া আৰু সম্পাদক সুভাষ গগৈয়ে ভকত-বৈষ্ণৱ তথা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

ঢকুৱাখনাত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন
নেচনেল ৰেংকিং ছুপাৰ ছিৰিজ টেনিছ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত ফাগুন জ্যোতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in