ৰাইচাপৰি দলপাত মিচিং ভাষাৰ পাঠদান আনুষ্ঠানিকভাৱে শুভাৰম্ভ

আমি জানো যে ডিমাছা ভাষা তেওঁলোকৰ নিজৰ পাঠ্যক্ৰম নোহোৱা বাবে ডিমাছা ভাষাটো হেৰাই যাবলৈ উপক্ৰম হৈছিলে ৷ এটা ভাষা যদি হেৰাই যায় তেন্তে সমগ্ৰ ভাৰতৰ ক্ষতি হয়- ৰণজিৎ দাস

author-image
Asomiya Pratidin
New Update
cbcbcv

ডিজিটেল সংবাদ,ধেমাজিঃ  সমগ্ৰ অসমতে বুধবাৰে ২০০খন প্ৰাথমিক বিদ্যালয়ত মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনত মিচিং ভাষাৰ পাঠদান কাৰ্য্যসূচী শুভাৰম্ভ হোৱা লগতে বুুধবাৰে ধেমাজি জিলাৰ ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়তো এই কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসে৷

Advertisment

জিলাখনৰ মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনৰ ধেমাজি শিক্ষা খণ্ডত ৩০ খন , বৰদলনি শিক্ষা খণ্ডত ১২ খন আৰু মুকংচেলেক (জোনাই ) শিক্ষা খণ্ডত ২৯ খনৰ সৈতে ধেমাজি জিলাখনত মুঠ ৭১ খন প্ৰাথমিক বিদ্যালয়ত এই কাৰ্য্যসূচী শুভাৰম্ভ হয় ৷

gh

ধেমাজি ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত পাঠদানৰ শুভাৰম্ভ কৰি মন্ত্ৰী ৰণজিৎ দাসে বক্তব্যত কয়, 
মাতৃভাষাত  যিমানে পঢ়া যায় সিমানে সাহিত্য বিকশিত হয় ৷ মাতৃভাষাত পঢ়িলে সহজে আয়ত্ব কৰিব পাৰে ৷ সেয়ে মিচিং, দেউৰী ,ডিমাছা ,তিৱা ,কাৰ্ৱি ,ৰাভা আদি ছয়টা ভাষাত যাতে স্থানীয়ভাৱে পঢ়িব পাৰে তাৰ বাবে অসম চৰকাৰে ব্যৱস্থা লৈছে।

gh

লগতে কয়, ধেমাজি জিলাত ৭১ খন বিদ্যালয়ত শ্ৰেণী আজিৰে পৰা আৰম্ভ হৈছে ৷ এইক্ষেত্ৰত মিচিং সাহিত্য সভাক মই বিশেষভাৱে ধন্যবাদ জনাইছো ৷ আমি জানো যে ডিমাছা ভাষা তেওঁলোকৰ নিজৰ পাঠ্যক্ৰম নোহোৱা বাবে ডিমাছা ভাষাটো হেৰাই যাবলৈ উপক্ৰম হৈছিলে ৷ এটা ভাষা যদি হেৰাই যায় তেন্তে সমগ্ৰ ভাৰতৰ ক্ষতি হয় ৷ ভাৰতৰ সাহিত্য বুলি ক’লে সকলো জনগোষ্ঠীৰ সাহিত্য লগ হৈ সৃষ্টি হৈছে ৷ মিচিঙকে ধৰি সকলো সাহিত্য উজ্জীৱিত কৰিলেহে ভাৰতীয় সাহিত্য উজ্জীৱিত হ’ব ৷

fh

ইপিনে পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয়, আমি প্ৰস্তুত চৰকাৰ প্ৰস্তুত ৷ মোৰ আশা যে অৰাজনৈতিকভাৱে পঞ্চায়তবোৰ গঠন হ’ব লাগে৷ তেতিয়া গ্ৰাম্য ৰাইজে প্ৰকৃতাৰ্থত পঞ্চায়তৰ সুবিধা লব পাৰে। আমি যিহেতু পঞ্চায়তৰ ঘাট-হাট ক্ষেত্ৰত বহুত আইন -প্ৰণয়ন কৰিছো,গঞা ৰাইজক সেৱা কৰা ব্যৱস্থা কৰিছো, সুস্থ সবল পঞ্চায়ত গঠন কৰিবলৈ সকলোকে আহ্বান জনাইছো।

dfgd

উল্লেখ্য যে যোৱা কালি নিশায়ে আহি ধেমাজিত উপস্থিত হোৱা অসম চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী দাসে আজি দিনৰ ১০ বজাত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ শীৰ্ষ বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হৈ ধেমাজি ৰাইচাপৰি প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লয় ৷

ধেমাজি