/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fb610b8e-978b-4c02-98e7-cc9df7f9c0c1/1.jpg)
ডিজিটেল সংবাদ,ৰহাঃ ৰহাত কলঙৰ বানে ভগা পথ আৰু ভয়াৱহ খহনীয়া পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। দেওবাৰে মন্ত্ৰীগৰাকীয়ে ৰহাৰ ৰহাচকী, দুৰ্গাজান আদিত বানে ভঙা অঞ্চল পৰিদৰ্শন কৰি ইয়াৰ যাৱতীয় ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3eca52ac-57a1-429c-81ed-85a13d6f6d5c/441903553_971205714460524_3620273926143398293_n.jpg)
উল্লেখ্য যে ৰহাচকীত বানে ভগা পথ তথা খহনীয়া প্ৰতি বছৰে মেৰামতি কৰা হয় যদিও বাঢ়নি পানীয়ে পুনৰ খহাই নিয়ে। যাৰ বাবে ৰহা অঞ্চলটোলৈ প্ৰতি বছৰে ভাবুকি কঢ়িয়াই আনে। কিন্তু এতিয়ালৈকে ইয়াৰ স্থায়ী সমাধান কৰিব পৰা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/57f46fa9-a35d-4b9f-9225-19c3aae3a00f/436329805_971205431127219_1796877896732294681_n.jpg)
সেয়ে আই আই টি নাইবা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বাৰা অধ্যয়ন কৰাই ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইপিনে ৰহাত ন-পুৰণি বিজেপিৰ সংঘাত সম্পৰ্কত মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাই বিজেপিত কোনো সংঘাত নাই বুলি মন্তব্য কৰে আৰু থাকিলেও সময়ত সকলো ঠিক হৈ যাব বুলি কয়।