ন্যুনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়াৰ পৰ্যালোচনা মন্ত্ৰী পীযুষৰ

উপায়ুক্ত কাৰ্যালয়ত পৰ্যালোচনা বৈঠকৰ পাছতে দদৰাস্থিত ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি স্থানীয় কৃষকৰে বাৰ্তালাপ

author-image
Asomiya Pratidin
New Update
ন্যুনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়াৰ পৰ্যালোচনা মন্ত্ৰী পীযুষৰ

ন্যুনতম সমৰ্থন মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়াৰ পৰ্যালোচনা মন্ত্ৰী পীযুষৰ

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত চৰকাৰীভাৱে ধান ক্ৰয় প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কত এখন পৰ্যালোচনা বৈঠকত অংশ লোৱাৰ লগতে অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত থকা দদৰাস্থিত এটি ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে। যোৰহাটত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰি অহাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী হাজৰীকাই আজি প্ৰথমতে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ধান ক্ৰয় প্ৰক্ৰিয়াৰ সামগ্ৰিক স্থিতি সম্পৰ্কত তথা কৃষক সন্মান নিধি, ’ওৱান নেচ্যন, ওৱান ৰেচন’ আদিকে ধৰি চৰকাৰী আঁচনিসমূহৰ ৰূপায়নৰ সন্দৰ্ভত আলোচনা কৰে।

Advertisment

এই ক্ষেত্ৰত স্থানীয় কৃষকসকলে যাতে উচিত মূল্যত ধান বিক্ৰী কৰাৰ সুযোগ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰে।

ইয়াৰ পাছত দদৰাস্থিত ধান ক্ৰয় কেন্দ্ৰ এটা পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই উপস্থিত কেইবাজনো কৃষকৰ সৈতে মত বিনিময় কৰে। কৃষকসকলে এনেদৰে বিগত বৰ্ষত কুইণ্টলে প্ৰতি ১৯৬০ টকা আৰু এই বৰ্ষত ২০৪০ টকা দৰ লাভ কৰি আনন্দিত হোৱা বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়েও নিজৰ সুখ ব্যক্ত কৰে।

পৰিদৰ্শনকালত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী মহোদয়ৰ অহৰহ প্ৰচেষ্টাৰ ফলত এতিয়া ৰাজ্যখনৰ স্থানীয় কৃষকসকলে ধান খেতি কৰিবলৈ পুনৰ আগ্ৰহী হৈ উঠিছে। আজি লগ পোৱা কৃষকসকলৰ সৈতে হোৱা কথা বতৰাৰ উদ্ধিতি দি মন্ত্ৰী হাজৰীকাই কয়, "এই কৃষকসকলে মোক কৈছে যে মাজতে ধান খেতি কৰা মানুহে বাদেই দিছিল, কিয়নো ধানৰ উচিত মূল্য পোৱা নাছিল, কিন্তু, এতিয়া ধান খেতি কৰিবলৈ মানুহবোৰ উৎসাহিত হৈছে" ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰায় ৮০ শতাংশ কৃষিৰ সৈতে জড়িত মানুহ থকা ৰাজ্য এখনৰ কৃষকসকলে ধানৰ উচিত মূল্য লাভ নকৰিলে ৰাজ্যখন উন্নত হ’ব কেনেদৰে। তেওঁ কয়, "অসমক ভাৰতৰ শ্ৰেষ্ঠ ৫ খন ৰাজ্যলৈ উন্নীত কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে দেখা সপোন তেতিয়াহে বাস্তৱ হ’ব যেতিয়া আমাৰ স্থানীয় কৃষকসকলে ধানৰ ক্ষেত্ৰত উচিত মূল্য লাভ কৰিবলৈ সক্ষম হ’ব "।

এই উদ্দেশ্যৰে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা চলাই অহা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ কৃষকসকলক চৰকাৰী ধান ক্ৰয় কেন্দ্ৰতহে ধান বিক্ৰী কৰিবলৈ সকলোকে আহ্বান জনায়। মন্ত্ৰীগৰাকীক কামৰূপ জিলাত আজিৰ এই কাৰ্যসূচীত বিধায়কদ্বয় দিগন্ত কলিতা আৰু ৰেকিবুদ্দিন আহমেদে লগ দিয়ে।

আৰু পঢ়কঃ মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান ড০ অনিমা চৌধুৰীলৈ

assam pijus hazarika