মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান ড০ অনিমা চৌধুৰীলৈ

নুমলীগড়ৰ তেলগৰম ৰঙ্গমঞ্চত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে এই বৰ্ষৰ ৰাজ্যিক বঁটা প্ৰথিতযশা শিল্পী ড° অনিমা চৌধুৰীক প্ৰদান কৰে
মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান ড০ অনিমা চৌধুৰীলৈ

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ তেলগৰম ৰঙ্গমঞ্চত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে এই বৰ্ষৰ ৰাজ্যিক বঁটা প্ৰথিতযশা শিল্পী ড° অনিমা চৌধুৰীক প্ৰদান কৰে ৷ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন জিলাৰ লেখিকা সমাৰোহ সমিতিৰ পাঁচ শতাধিক প্ৰতিনিধি তথা বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা বৰেণ্য শিল্পী ড° অনিমা চৌধুৰীক প্ৰদান কৰে ৷

তেলগৰম জাগৃতি লেখিকা সমাৰোহ সমিতিৰ সহযোগত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত এই বঁটাত অংগবস্ত্ৰ , গামোচা , চেলেং , জাপি , স্মাৰক, শৰাই আৰু নগদ ধনৰ টোপোলাৰে বঁটা প্ৰদান কৰে ৷

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভাপতি সুবৰ্ণ শইকীয়া বৰদলৈৰ সঞ্চালনাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° চাৰু চহৰীয়া নাথ , স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় যোৰহাটৰ প্ৰাক্তন অধ্যক্ষ বিনীতা দত্ত , জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ড° জ্যোতিৰেখা শইকীয়াৰ লগতে বহু কেইগৰাকী শিল্পী সাহিত্যিক , জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে ৷

আৰু পঢ়ক: নগাঁও আদালতৰ ঐতিহাসিক ৰায়: ড্ৰাগছ ব্যৱসায়ীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in