
ডিজিটেল সংবাদ, কাজিৰঙাঃ ৰাজ্যৰ একাংশ চৰকাৰী বিভাগৰ বৰমূৰীয়াসকল কিমান বেছি অলগৰ্ধ সেয়া আজি পোনচাটেই স্বীকাৰ কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী তথা বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰাই ৷ আনকি, এটা চৰকাৰী বিভাগৰ উদাসীনতাত খৰ্গহস্ত হৈ কাজিৰঙাত হাতত ঝাড়ু পৰ্যন্ত তুলি ল’লে মন্ত্ৰী বৰাই ৷
উল্লেখ্য যে আজি ৰাজ্যৰ বনবিভাগ-জিলা প্ৰশাসন-আৰক্ষীৰ স’তে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’বৰ বাবে দুপৰীয়া কাজিৰঙা বনবিভাগৰ সভাকক্ষৰ সন্মুখত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ লগত উপস্থিত থাকে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, বনবিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে গোলাঘাটৰ উপায়ুক্ত পি উদয় প্ৰবীণ ৷
বনবিভাগৰ সভাকক্ষৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে দেখা পায় এটা জাবৰৰ দ’ম ৷ লক্ষণীয় কথাটো হ’ল যে জাবৰৰ দ’ম হৈ থকা স্থানত যোৱা ২৫ ডিচেম্বৰৰ পৰা ১১ জানুৱাৰী পৰ্যন্ত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ এখনি মেলা বিভাগটোৱে চৰকাৰীভাৱে অনুষ্ঠিত কৰিছিল ৷ মেলাও শেষ, চৰকাৰী লোকসকল গৈ ঘৰ পালেগৈ ৷
কিন্তু, ঠাইডোখৰ চাফা নহ’ল ৷ আনকি, উক্ত স্থানত পৰি ৰোৱা গজালে ইতিমধ্যেই পাঁচখন মান গাড়ীৰ চকা ফুটালে ৷ এই সামগ্ৰিক দৃশ্য দেখা পাই লগে লগে ঝাড়ু তুলি ল’লে মন্ত্ৰী বৰাৰ লগতে এম কে যাদৱে ৷
আনহাতে, ফোনযোগে ককৰ্থনাও কৰিলে জাবৰৰ দ’ম কৰি যোৱা সংশ্লিষ্ট বিভাগটোৰ বৰমূৰীয়াক ৷ কাইলৈৰ ভিতৰত সমগ্ৰ এলেকাটো ঘেৰি থ’বলৈয়ো কাজিৰঙা বনবিভাগক নিৰ্দেশ দিয়ে ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, সম্প্ৰতি জাবৰৰ দ’মত পৰিণত হৈছে কাজিৰঙাৰ কহঁৰা চাৰিআলি ৷ কিন্তু, চৰকাৰী-বেচৰকাৰী কোনো পক্ষৰে যেন আহৰি নাই পৰ্যটনথলীখনি চাফা কৰি ৰখাৰ ৷
আৰু পঢ়কঃ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা