অসম গ্ৰন্থমেলাত ৭ দিনত বিক্ৰী ২কোটি ৪০লাখ টকাৰ কিতাপ...

অসম গ্ৰন্থমেলাত ৭ দিনত বিক্ৰী ২কোটি ৪০লাখ টকাৰ কিতাপ...
অসম গ্ৰন্থমেলাত ৭ দিনত বিক্ৰী ২কোটি ৪০লাখ টকাৰ কিতাপ...

ডিজিটেল সংবাদ গুৱাহাটীঃ সপ্তম দিনাও গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশ পৰিলক্ষিত হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলাত৷ কাৰ্যতঃ লেখক-পাঠকৰ মিলনথলীত পৰিণত হৈছে চানমাৰি বাকৰিৰ গ্ৰন্থোৎসৱ ৷

এইবেলি গ্ৰন্থমেলাত কিতাপ বিক্ৰীও উৎসাহজনক ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা ৪ জানুৱাৰী পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত ২কোটি ৪০লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে প্ৰকাশন পৰিষদে ৷ ইপিনে ৪ ডিচেম্বৰ বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত ভাষাতত্ত্ববিদ ড° ৰমেশ পাঠকৰ সোঁৱৰণত আয়োজন কৰে “ অসমীয়া ভাষাৰ সংকট আৰু প্ৰতিষ্ঠা” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷

আলোচনা সত্ৰখন সঞ্চালনা কৰে ভাষাতত্ত্ববিদ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° বিভা ভড়ালীয়ে ৷ তেওঁ বক্তব্যত কয়, “ অসমীয়া ভাষাৰ স্বতন্ত্ৰ ইতিহাস অতি প্ৰাচীন ৷ হিউয়েন চাঙৰ লেখাতো অসমীয়া ভাষাৰ স্বকীয় অৱস্থানৰ বিষয়ে উল্লেখ আছে ৷ ভাষাৰ প্ৰতি সকলোৰে সমান দায়িত্ব আছে ৷ অভিভাৱকসকলে সন্তানক মাতৃভাষা মাধ্যমত পঢ়ুৱালে ভৱিষ্যত নষ্ট হ’ব বুলি ভবাৰ কোনো কাৰণ নাই ৷”

তেওঁ লগতে কয় যে, পৃথিৱীৰ বহু ভাষাই সংকটৰ গৰাহত পৰিছে ৷ ভাৰতবৰ্ষতে কেইবাটাও ভাষাৰ মৃত্যু ঘটিছে ৷ ১৮৩৬ চনৰ পৰা অসমীয়া ভাষা বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈছে আৰু আমাৰ দায়ৱদ্ধ বৰেণ্য ব্যক্তিসকলে অসমীয়া ভাষাৰ প্ৰত্যাহ্বান ভাঙি আহিছে ৷

এই দায়িত্ব আমাৰো আছে আৰু ভৱিষ্যত প্ৰজন্মৰো থাকিব ৷ তেতিয়া অসমীয়া ভাষাই সংকটমুক্ত হৈ অমৰত্ব লভিব ৷ আলোচনা সত্ৰখন উদ্বোধন কৰে নিবন্ধকাৰ , সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাই ৷

তেওঁ ভাষাতত্ত্ববিদ ড° ৰমেশ পাঠকলৈ শ্ৰদ্ধা জ্ঞাপন কৰি কয় “শব্দই জগত সৃষ্টি কৰা বুলি উল্লেখ আছে ঋগবেদত ৷ বাইবেলেও একেই কথাকে কৈছে ৷ শব্দই ভাষা সৃষ্টি কৰিছে ৷ ভাষা পৃথিৱীৰ ভাগৱতী সম্পদ ৷ কিন্তু সম্প্ৰতি অসমীয়াৰ লগতে প্ৰতিটো আধুনিক ভাৰতীয় ভাষালৈ সংকট নামি আহিছে ৷

ইংৰজী ভাষা, বাণিজ্যতন্ত্ৰ আৰু নৱ্য অভিজাততন্ত্ৰই এই সংকট নমাই আনিছে ৷ এই তিনিটা কাৰণতে মাতৃভাষাক এলাগী কৰিছে এচামে ৷ ইংৰাজী আমি শিকিব লাগিব কিন্তু নিজৰ ভাষাকো প্ৰতিষ্ঠা কৰিব লাগিব ৷ ইয়াৰ বাবে মাতৃভাষাত পঢ়াশুনা কৰিব লাগিব৷ আৱেগত ভাষা জীয়াই নাথাকে ৷ শ্ৰদ্ধাপূৰ্বক চৰ্চাইহে ভাষাক অমৰ কৰি ৰাখিব ৷”

তেওঁ প্ৰসংগক্ৰমে ঋষি অৰবিন্দৰ বাণী উল্লেখ কৰে ৷ ইয়াত আৰম্ভণী ভাষণ প্ৰদান কৰে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি বৰাই ৷ তেওঁ অসমীয়া ভাষালৈ সংকট অহাৰ কথা স্বীকাৰ কৰিও কয় “অসমীয়া ভাষা হেৰাই যোৱাৰ শংকা নাই ৷ এই ক্ষেত্ৰত অসমীয়া মাধ্যমৰ বিদ্যালয় যেনে জাতীয় বিদ্যালয় , শংকৰদেৱ শিশু নিকেতন আদিয়ে ভাল পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ ইউনিকোডত অসমীয়া ভাষা অন্তৰ্ভুক্ত হোৱাটো শুভবাৰ্তা ৷”

ইয়াত অংশগ্ৰহণ কৰা আলোচক অতিথি , ভাষা গৱেষক, কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° দিলীপ ৰাজবংশীৰ মতে “১৮২৬ চনৰ পাছত আধুনিক অসমীয়া জাতি গঢ় লৈছে ৷ কিন্তু ১৮৩৬ চনৰ পৰা ১৮৭৩চনলৈ অসমতে অসমীয়া ভাষা উঠাই দিয়া হৈছিল ৷

লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি সেই সময়ৰ মনীষীসকলে অবৰ্ণনীয় কষ্টসাধ্য যুঁজত অৱতীৰ্ণ হৈ পুণৰ অসমীয়া ভাষাৰ স্বতন্ত্ৰতা উদ্ধাৰ কৰে ৷ ভাষালৈ এনে সংকট আহে ৷ ভাষাৰ তপস্যাই অৰ্থাৎ শুদ্ধ চৰ্চা আৰু ব্যৱহাৰে ভাষাক সমৃদ্ধ কৰে ৷ এতিয়া প্ৰায় ডেৰ কোটি মানুহে অসমীয়া ভাষা কয় ৷

ভাষা বিজ্ঞানৰ মতে দহ লাখ মানুহে ব্যৱহাৰ কৰা ভাষাৰ মৃত্যু নহয় ৷ কিন্তু ইয়াতে সন্তুষ্টি লভিলেই নহব ৷ শুদ্ধভাৱে ভাষাৰ চৰ্চা কৰাৰ প্ৰায়োজন আছে ৷ উচ্চ স্তৰৰ সাহিত্য , বিদ্যায়তনিক কিতাপ প্ৰকাশ আৰু মাতৃভাষা মাধ্যমৰ প্ৰসাৰ অতি প্ৰয়োজনীয় ৷”

একেদৰে ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকি ভষা গৱেষক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° লক্ষী হাজৰিকাই কয় যে, ভাষাক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ মাতৃভাষা মাধ্যমত শিক্ষাৰ ব্যৱস্থা বাহাল থাকিব লাগিব ৷ ৰাধাকৃষ্ণণ আয়োগে আনকি উচ্চ শিক্ষাতো মতৃভাষা ব্যৱহাৰৰ পোষকতা কৰিছে ৷

মাতৃভাষা হৈছে শিশু তথা সকলো পৰ্যায়ৰ শিক্ষাৰ্থীৰ জ্ঞান লাভৰ উত্তম পথ ৷ মাতৃভাষা মাধ্যমত পঢ়িলে একো অসুবিধা নহয় ৷ অসমীয়া ভাষাৰ লগতে অসমৰ জনগোষ্ঠীয় ভাষাৰো সমৃদ্ধি হোৱাৰ প্ৰয়োজন ৷ তেতিয়া অসমীয়া ভাষাৰ সমৃদ্ধিয়ে নতুন গতি লাভ কৰিব ৷” আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আজ বঢ়ায় দিছপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ৷

ইফালে বিয়লি ৩ বজাত গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “অনুবাদ আৰু সাহিত্যৰ সমৃদ্ধি” শীৰ্ষক আন এখন আলোচনা সত্ৰ ৷ বিশিষ্ট কথা-শিল্পী কুল শইকীয়াই আলোচনা সত্ৰখন উদ্বোধন কৰি কয় যে, অনুবাদ হৈছে দুটা ভাষাৰ মাজৰ এখন সেতু ৷

সমান্তৰালভাৱে অনুবাদে অন্য এটা ভাষাৰ আৱেগ অুভূতিকো আন এটা ভাষালৈ কঢ়িয়াই নিয়ে ৷ কেৱল শব্দৰ প্ৰত্যক্ষ অনুবাদৰ সলনি গ্ৰহণযোগ্য অভিযোজনাই সাহিত্যক অধিক ৰসগ্ৰাহী কৰিব পাৰে ৷

অনুবাদৰ জৰিয়তে এখন সমাজৰ জীৱনশৈলী আন এখন সমাজে বুজিব বা প্ৰত্যক্ষ কৰিব পাৰে ৷ ইয়াৰ জৰিয়তে সাহিত্যৰ বিশ্বজনীন সমৃদ্ধি হয় ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰি ডাঃ ছাইদুল ইছলামে কয় যে, অসম প্ৰকাশন পৰিষদে অনুবাদ কৰ্মক লৈ আয়োজন এই আলোচনা সত্ৰ অতি গুৰুত্বপূৰ্ণ ৷ অনুবাদ সাহিত্যই আমাক বিশ্ব দৰ্শন কৰায় আৰু আমাৰ সাহিত্যক বিশ্বমুখী কৰে ৷

ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট অনুবাদক ড° পৰী হিলৈদাৰীয়ে ৷ তেওঁ কয় “আনুবাদকৰ্ম বৰ সুক্ষ্ম কলা ৷ বৰ্তমান যুগত অনুবাদ এটা ভাষাৰ পৰা আন এটা ভাষালৈ কৰা ভাষান্তৰ মাত্ৰ হৈ থকা নাই ৷ এখন উপন্যাস চিনেমালৈ কৰা ৰূপান্তৰো অনুবাদ হ’ব পাৰে ৷ অনুবাদৰ জৰিয়তে অন্য ভাষাৰ এখন সমাজক নিজৰ দৃষ্টিৰে চাব পাৰিব লাগিব ৷গল্প-কবিতা বা উপন্যাসৰ চৰিত্ৰসমূহক নিজৰ সমাজৰ সৈতে খাপ খোৱাকৈ গঢ়ি তুলিব পাৰিলে অনুবাদ কৰ্মই সফলতা অৰ্জন কৰিব ৷

বিশিষ্ট অনুবাদক নীৰেণ ঠাকুৰীয়ায়ো আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশ লয় ৷ তেওঁ কয় ” অনুবাদ নহ’লে সাহিত্যৰ সমৃদ্ধি হ’ব নোৱাৰে ৷ খীষ্টপূৰ্ব ২৮৫ ত গ্ৰীকসকলে “Old testament” অনুবাদ কৰিছিল ৷

সদায় মূল ভাষাৰ পৰাই অনুবাদ হ’ব লাগিব বুলি কোনো কথা নাই ৷ বহুমাত্ৰিক উৎসৰ পৰাও অনুবাদ কৰিব পাৰি ৷ তেতিয়া আমি অন্য ভাষাৰ সাহিত্যৰে সমৃদ্ধ হ’ব পাৰিম ৷

আন এগৰাকী আলোচক ইন্দ্ৰানী লস্কৰে কয় যে, অনুবাদৰ জৰিয়তে আমি সাহিত্যৰ লগতে বিভিন্ন দেশৰ সমাজ-সংস্কৃতি,ধৰ্ম-পৰম্পৰাৰ বিষয়ে জানিব পাৰো ৷ এখন দেশক আন এখন দেশে অনুবাদৰ জৰিয়তে আৱিষ্কাৰ কৰে ৷

অনুবাদ ব্যৱস্থা নাথাকিলে আমি পৃথিৱীখন ভালদৰে দেখাৰ সুযোগ নাপাম ৷একেদৰে বিশিষ্ট অনুবাদক, আলোচক অতিথি বিপুল দেউৰীয়ে কয় “ অনুবাদ মোৰ বাবে এক নিচাৰ দৰে ।পৃথিৱীত বিভিন্ন ভাষাত বিভিন্ন কথা চৰ্চা হৈ আছে যিবোৰ হয়তো আমাৰ সাহিত্যলৈ এতিয়াও অহাই নাই৷ অনুবাদেই আমাক তেনে নতুন পৰীক্ষা নীৰিক্ষাৰ লগত পৰিচয় কৰাই দিয়ে৷ সেইদৰে অনুবাদে আমাৰ সংস্কৃতিকো আনৰ সমুখত পৰিচয় কৰাই দিয়াত সহায়কৰে৷ অনুবাদকসকলে অনূদিত ভাষাটোৰ সাংস্কৃতিক পাৰিপাৰ্শ্বিকতা আৰু গুৰুত্ব বুজি পোৱাটো খুব জৰুৰী৷ সৃষ্টিশীল কৰ্মৰ অনুবাদৰ ক্ষেত্ৰত অনুবাদকগৰাকীও সৃষ্টিশীল হোৱা দৰকাৰ।”

ইয়াত আলোচকৰূপে অংশ লোৱা অনুবাদক ড° মানৱেন্দ্ৰ শৰ্মাৰ মতে “ অনুবাদ কৰিবৰ বাবে একধৰণৰ গৱেষণা কৰি লোৱাটো জৰুৰী৷ অনুবাদে নতুন লেখক সৃষ্টিতো সহায় কৰে ।” উল্লেখ্য যে এই আলোচনা সত্ৰখন পৰিচালনা কৰাত ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সহযোগিতা আগবঢ়ায় ৷

সন্ধিয়া গ্ৰন্থমেলাৰ মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷ ইয়াৰোপৰি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ কাৰ্যালয়ত মুকলি কৰা হয় আগশাৰীৰ “ডিজাইন” প্ৰতিষ্ঠান “ৰেইন চফ্‌ট”-এ প্ৰকাশ কৰা খ্ৰীষ্টিয় নৱবৰ্ষ ২০২৩ৰ কেলেণ্ডাৰ ৷

প্ৰতিষ্ঠানটোৱে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিৰ আলোকচিত্ৰৰ স’তে এই কেলেণ্ডাৰ প্ৰকাশ কৰি আহিছে ৷ এইবাৰ ইয়াত প্ৰকাশ কৰা হৈছে “নেচাৰ্ছ বেকন”ৰ সঞ্চালক, প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ নেতৃত্ব লোৱা সৌম্যদ্বীপ দত্তৰ আলোকচিত্ৰ ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in