হাকামা বিলত আলহী পক্ষীৰ জাক...

অৰণ্য সুৰক্ষা সমিতিৰ আদৰণী উৎসৱৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
হাকামা বিলত আলহী পক্ষীৰ জাক...

হাকামা বিলত আলহী পক্ষীৰ জাক

ডিজিটেল সংবাদ, ধুবুৰীঃ শীতৰ আগমনৰ লগে লগে অসমৰ বিলত আলহী পক্ষী। নানান ধৰণৰ পৰিভ্ৰমী চৰাই-চিৰিকটিৰ আগমন ঘটিছে অসমৰ নৈ-বিলসমূহলৈ। ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ হাকামবিললৈ এই বেলিও আহিছে আলহী পক্ষীৰ জাঁক।

Advertisment

উল্লেখযোগ্য যে, হাকামা বিলক পক্ষীনিৱেশ ৰূপে ঘোষণা কৰাৰ বাবে অৰণ্য সুৰক্ষা সমিতি অসমে দাবী জনাই আহিছে। সমিতিৰ আহ্বান মৰ্মে হাকামাবাসী ৰাইজে হাকামা বিল পক্ষী অভয়াৰণ্য দাবী সমিতিও গঠন কৰিছিল। গছবিহু ,পক্ষী আদৰণী উৎসৱ, পৰিৱেশ দিৱস,জলাশয় দিৱস,মুকলি পানীত মাছৰ পোণা মেলা আদি কাৰ্যসূচীৰে সমিতিয়ে হাকামা বিলপৰীয়া ৰাইজৰ লগতে বৃহত্তৰ বিলাসী পাৰা অঞ্চলত প্ৰকৃতি সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।

ইতিমধ্যে সমিতিৰ দাবীৰ প্ৰতি সহাৰি জনাই বন বিভাগে ইয়াৰ জৰীপ কাৰ্য সম্পন্ন কৰিছে আৰু ইয়াত পৰিৱেশ পৰ্যটনৰ আঁচনি লৈ চৰকাৰে বাট -পথ আদিৰ উন্নয়নৰ প্ৰক্ৰিয়াও চলাই আছে বুলি জানিবলৈ দিয়ে। অৰণ্য সুৰক্ষা সমিতি অসমে হাকামা বিলক অনতি পলমে পক্ষী তথা মীন অভয়াৰণ্য ৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে।

আনহাতে সমিতিয়ে প্ৰতি বছৰৰ দৰে এইবেলিও হাকামা বিলৰ পাৰত পখী আদৰণী উৎসৱ পাতিবলৈ যো-জা চলাই আছে বুলি অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০হৰিচৰণ দাসে জানিবলৈ দিয়ে।

আৰু পঢ়কঃ ২০২৩ ৰ মেট্ৰিক পৰীক্ষাত ১০০ৰ ভিতৰত ৪৫ নম্বৰেই থাকিব অবজেকটিভ...

assam birds dhuburi