Advertisment

মিচিং ছাত্ৰ সংগঠন TMPK-ৰ গণ স্বেচ্ছাসেৱক বাহিনীৰ কৰ্মশালা....

প্ৰতিখন মিচিং গাঁৱৰ পৰা কমেও ২০ জনকৈ স্বেচ্ছাসেৱক অন্তৰ্ভুক্তৰে গঠন কৰা হৈছে 'গণ স্বেচ্ছাসেৱক বাহিনী'। উক্ত কৰ্মশালাত চিলাপথাৰ জিলা আৰু জোনাই জিলাৰ সৰ্বমুঠ চাৰিহাজাৰ যুৱকে অংশগ্ৰহণ কৰে ৷ 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰৰ কাৰেং চাপৰিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন TMPK-ৰ গণ স্বেচ্ছাসেৱক বাহিনীৰ কৰ্মশালা অমুষ্ঠিত কৰা হৈছে ।
মিচিং জাতিটোক এটি শক্তিশালী আৰু ঐক্যৱদ্ধভাৱে গঢ়ি তোলাৰ লগতে মিচিং গাঁওসমূহ ড্ৰাগছ,ভাং, মদ আদি সেৱনৰ পৰা মুক্ত কৰা আৰু অপশক্তি সমূহৰ বিৰুদ্ধে থিয় দি এটি শৃংখলাবদ্ধ সুস্থ সৱল, আত্মনিৰ্ভৰ আৰু ঐক্যৱদ্ধ সমাজ গঠনৰ সংকল্পৰে আয়োজন কৰা হৈছে উক্ত কৰ্মশালাৰ ।

Advertisment

প্ৰতিখন মিচিং গাঁৱৰ পৰা কমেও ২০ জনকৈ স্বেচ্ছাসেৱক অন্তৰ্ভুক্তৰে গঠন কৰা হৈছে 'গণ স্বেচ্ছাসেৱক বাহিনী'। উক্ত কৰ্মশালাত চিলাপথাৰ জিলা আৰু জোনাই জিলাৰ সৰ্বমুঠ চাৰিহাজাৰ যুৱকে অংশগ্ৰহণ কৰে ৷ 

শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগু, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,সচিব সুনীল পেগু,কাৰ্যবাহী সদস্য জহান দলে,প্ৰতাপ টায়ে, যজ্ঞেশ্বৰ কুটুমৰ লগতে টি এম পি কে'ৰ কেন্দ্ৰীয় সভাপতি তিলক দলে, সাধাৰণ সম্পাদক চান দঃঞিঃ পাংগিঙে আদি মিচিং জনগোষ্ঠীয় সংগঠনৰ বহু ব্যক্তি উপস্থিত থাকে।

চিলাপথাৰ