/asomiyapratidin/media/media_files/2024/12/13/AGkIJrLxOh0Kz1buH2WO.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত শুক্ৰবাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন শিতানত বিতৰণ কৰা হয় বঁটা । হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% শতাংশতকৈ অধিক নম্বৰৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীজিলা খনৰ ৫৩৭ গৰাকীক আনন্দৰাম বৰুৱা বঁটা, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ৯,৯৯০ গৰাকী ছাত্ৰ -ছাত্ৰীক চাইকেল আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ বানীকান্ত কাকতি বঁটাৰ অধীনত ১৩৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰে শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগুৱে ৷
/asomiyapratidin/media/media_files/2024/12/13/1EI0iXUpgwMg53gknkKG.jpg)
এই উপলক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আদিত্য হাজৰিকাই আঁত ধৰা সভাখনিৰ আদৰণি ভাষণদিয়ে ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰে ৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰঅধ্যক্ষ তোলন কোঁৱৰৰ লগতে ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় ইত্যাদি ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us