ONGC ৰ থলুৱা বিৰোধী নীতিঃ মেৰাপানীত ব্যাপক প্ৰতিবাদ দল-সংগঠনৰ...

ONGC ৰ থলুৱা বিৰোধী নীতিঃ মেৰাপানীত ব্যাপক প্ৰতিবাদ দল-সংগঠনৰ...

author-image
Asomiya Pratidin
New Update
ONGC ৰ থলুৱা বিৰোধী নীতিঃ মেৰাপানীত ব্যাপক প্ৰতিবাদ দল-সংগঠনৰ...

ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীত ONGC ৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,অনুসূচিত জাতি ছাত্ৰ সন্থা,আছু, প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিকে প্ৰমুখ্যে কৰি বহুকেইটা সংগঠনে ONGC ৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

সংগঠন কেইটাই মেৰাপানীৰ চলংপথাৰস্থিত তৈলখাদৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি অনিৰ্দিষ্টকালৰ বাবে তৈলখাদ কেইটাৰ পথ বন্ধ কৰি দিয়ে।অভিযোগ মতে, ONGC য়ে অসমীয়া ভাষাক অসমতে চৰম অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে তৈলখাদৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে সংগঠন কেইটাই শেহতীয়াকৈ ONGC ৰ এজন অনা অসমীয়া বিষয়াই অসমীয়া ভাষাত আবেদন দাখিল কৰাৰ বাবে এজন লোকক দুব্যৱহাৰ কৰাৰ লগতে ONGC ত অসমীয়া ভাষা নচলিব বুলি দম্ভালি মাৰিছিল।

তাৰোপৰি সমগ্ৰ মেৰাপানী অঞ্চলত ONGC ৰ ১০টাতকৈও অধিক তৈলখাদ থকাৰ পাছতো স্থানীয় অঞ্চলটোত তিলমানো উন্নয়নৰ কাম কৰা নাই ONGC য়ে। সেয়েহে শুকুৰবাৰে দল সংগঠনে স্থানীয় ৰাইজৰ সহযোগত চলং পথাৰ তৈলখাদৰ সন্মুখৰ পথ অৱৰোধ কৰি ONGC ৰ এনে থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

বিষয়টো আলোচনাৰ বাবে ONGC ৰ তৰফৰ পৰা কেইবাজনো বিষয়া কৰ্মচাৰী আলোচনাত মিলিত হয় যদিও প্ৰতিবাদকাৰী ৰাইজে ONGC ৰ বিৰ্তকিত বিষয়া পি ভেল্লস্বামীয়ে ক্ষমা নোখোজা পৰ্যন্ত এই অৱৰোধ অব্যাহত থাকিব বুলি সকিয়াই দিয়ে।

Also Read: বানৰ পাছত গৰাখহনীয়া অব্যাহত, উন্মুক্ত হৈ পৰাৰ সম্ভাৱণা ভাৰত বাংলাদেশ সীমান্ত…

merapani ongc