বানৰ পাছত গৰাখহনীয়া অব্যাহত, উন্মুক্ত হৈ পৰাৰ সম্ভাৱণা ভাৰত বাংলাদেশ সীমান্ত…

বানৰ পাছত গৰাখহনীয়া অব্যাহত, উন্মুক্ত হৈ পৰাৰ সম্ভাৱণা ভাৰত বাংলাদেশ সীমান্ত…

author-image
asomiyapratidin
New Update
বানৰ পাছত গৰাখহনীয়া অব্যাহত, উন্মুক্ত হৈ পৰাৰ সম্ভাৱণা ভাৰত বাংলাদেশ সীমান্ত…

ডিজিটেল সংবাদ, মানকাচৰ: বানৰ পাছত ৰাজ্যত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত আছে। মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্ততো আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া।

ইতিমধ্যে কেইবা কোটি টকাৰে জিঅ বেগৰ কাম কৰা হৈছে যদিও সঠিক ভাবে কাম নকৰাৰ ফলত জিঅ বেগ নদীত উটি যাবলৈ ধৰিছে।

গৰাখহনীয়াৰ ফলত ভাবুকিত পৰিছে ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ, এখন বি এছৰ পৰীক্ষণ চকী আৰু ভাৰত বাংলাদেশ সীমান্ত সংযোগী পথ।

সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ নদীত উটি গ'লে উন্মুক্ত হৈ পৰিব ভাৰত বাংলাদেশ সীমান্তত। ফলত দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰাৰ সম্ভাৱণা আছে।

প্ৰায় ৩৫ বছৰ পূৰ্বে মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত কাঁইটীয়া তাৰৰ বেৰ নাছিল। সেই সময়ত সীমান্তয়েদি বাংলাদেশী দুস্কৃতিকাৰী আহি মানকাচৰত অত্যাচাৰ চলাইছিল।তেনে ঘটনাৰ পুনৰাবৃত্তি হ'ব বুলি স্থানীয় ৰাইজে শংকাত ভুগিছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে পুৱাৰ ভাগত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বিষয়টো জিলা প্ৰশাসনক অৱগত কৰে । আজি বিয়লি জিলা প্ৰশাসনৰ পৰা অতিৰিক্ত উপায়ুক্ত আহি খহনীয়াৰ বুজ ল'ব।

আৰু পঢ়ক: নগাঁৱৰ পৰা কেৰেলালৈ হেৰোইন সৰবৰাহ

assam erosion mankachar