মেৰাপানীত ২০ লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ...

এখন বাহনত দহটা চপকেছত সৰবৰাহ কৰা হেৰ'ইনখিনিৰ বজাৰমূল্য ২০ লক্ষাধিক টকা হ'ব বুলি তথ্য দিছে আৰক্ষীয়ে। অভিযানকাৰী দলটোৱে ড্ৰাগছৰ সৈতে দুই সৰবৰাহকাৰী ইন্দ্ৰজীত ডেকা আৰু ৰাজ্জাক আলিকো গ্ৰেপ্তাৰ কৰে।

New Update
অগ্ৰণী খবৰ

ডিজিটেল সংবাদ,মেৰাপানীঃ   মেৰাপানীত জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰ'ইন। নাগালেণ্ডৰ ক'হিমাৰ পৰা গোলাঘাটলৈ আনি থকা অৱস্থাত অসম আৰক্ষী আৰু চিআৰপিএফ ৰ যৌথ অভিযানত জব্দ হয় নিষিদ্ধ হেৰ'ইনখিনি।

Advertisment

AS 04 T 1110 নম্বৰৰ এখন বাহনত দহটা চপকেছত সৰবৰাহ কৰা হেৰ'ইনখিনিৰ বজাৰমূল্য ২০ লক্ষাধিক টকা হ'ব বুলি তথ্য দিছে আৰক্ষীয়ে। অভিযানকাৰী দলটোৱে ড্ৰাগছৰ সৈতে দুই সৰবৰাহকাৰী ইন্দ্ৰজীত ডেকা আৰু ৰাজ্জাক আলিকো গ্ৰেপ্তাৰ কৰে।

গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসে ১৪২ নং চিআৰপিএফৰ সহযোগত গোপন তথ্যৰ ভিত্তিত এই সফল অভিযানৰ নেতৃত্ব দিয়ে। উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহকাৰীয়ে কৌশল সলাই শেহতীয়াকৈ বিলাসী বাহনত নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহে এই অভিযানত।

মেৰাপানী